የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
60 : 27

اَمَّنْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ وَاَنْزَلَ لَكُمْ مِّنَ السَّمَآءِ مَآءً ۚ— فَاَنْۢبَتْنَا بِهٖ حَدَآىِٕقَ ذَاتَ بَهْجَةٍ ۚ— مَا كَانَ لَكُمْ اَنْ تُنْۢبِتُوْا شَجَرَهَا ؕ— ءَاِلٰهٌ مَّعَ اللّٰهِ ؕ— بَلْ هُمْ قَوْمٌ یَّعْدِلُوْنَ ۟ؕ

বৰং (প্ৰকৃত সত্য উপাস্য হৈছে) যিজনে পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈয়ে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে। হে মানৱজাতি! তেৱেঁই তোমালোকৰ বাবে আকাশৰ পৰা পানী বৰ্ষণ কৰে। তাৰ পিছত সেই পানীৰ দ্বাৰা আমি তোমালোকৰ বাবে মনোৰম উদ্যান সৃষ্টি কৰোঁ। সেই উদ্যানবোৰৰ গছ-গছনি তোমালোকৰ পক্ষে উৎপন্ন কৰা অসম্ভৱ, কাৰণ সেইবোৰ উৎপন্ন কৰাৰ ক্ষমতা তোমালোকৰ হাতত নাই। সেইবোৰক আল্লাহেই উৎপন্ন কৰে। কোৱাচোন! এইবোৰ কাম কৰাৰ সময়ত আল্লাহৰ লগত আন কোনো উপাস্যই সহযোগ কৰিছিল নেকি? নহয়, কদাপিও নহয়। বৰং এই মুশ্বৰিকসকলে সত্যৰ পৰা আঁতৰি গৈ সৃষ্টিকৰ্তাক অন্যায়ভাৱে সৃষ্টিৰ সমকক্ষ কৰি আছে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• لجوء أهل الباطل للعنف عندما تحاصرهم حجج الحق.
বাতিলপন্থীসকলে যেতিয়া সত্যৰ যুক্তি খণ্ডন কৰিব নোৱাৰে, তেতিয়া উৎপীড়ন তথা অন্যায়-অত্যাচাৰত অৱতীৰ্ণ হয়। info

• رابطة الزوجية دون الإيمان لا تنفع في الآخرة.
পতি-পত্নীৰ সম্পৰ্ক যদি ঈমানৰ পৰা খালী হয় তেন্তে সেই সম্পৰ্কই আখিৰাতত কোনো লাভদায়ক নহ'ব। info

• ترسيخ عقيدة التوحيد من خلال التذكير بنعم الله.
আল্লাহৰ নিয়ামতসমূহ স্মৰণ কৰি তাওহীদৰ আক্বীদাক অন্তৰত দৃঢ়ভাৱে গাঁথি লোৱা উচিত। info

• كل مضطر من مؤمن أو كافر فإن الله قد وعده بالإجابة إذا دعاه.
প্ৰত্যেক নিৰুপায় ব্যক্তি, মুমিন হওক অথবা কাফিৰ; যদি আল্লাহৰ ওচৰত দুআ কৰে তেন্তে আল্লাহে তাৰ দুআ কবূল কৰিব বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে। info