የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
42 : 27

فَلَمَّا جَآءَتْ قِیْلَ اَهٰكَذَا عَرْشُكِ ؕ— قَالَتْ كَاَنَّهٗ هُوَ ۚ— وَاُوْتِیْنَا الْعِلْمَ مِنْ قَبْلِهَا وَكُنَّا مُسْلِمِیْنَ ۟

এতেকে যেতিয়া ছাবাৰ ৰাণী ছুলাইমানৰ ওচৰত আহি উপস্থিত হ'ল, তেতিয়া ছুলাইমান আলাইহিচ্ছালামে তাইক পৰীক্ষা কৰিবলৈ সুধিলেঃ এইখন আপোনাৰ সিংহাসনৰ দৰেই নে, তাই উত্তৰ দি ক'লেঃ এনেকুৱা লাগিছে যেনিবা সেইখনেই। ছুলাইমান আলাইহিচ্ছালামে ক'লেঃ আল্লাহে আমাক ইতিপূৰ্বেই জ্ঞান দান কৰিছে যে, তেওঁ এনেকুৱা কৰ্ম সম্পাদন কৰিবলৈ পূৰ্ণ সামৰ্থৱান। সেইকাৰণেই আমি আল্লাহৰ ওচৰত আত্মসমৰ্পনকাৰী তথা তেওঁৰ আনুগত্যশীল। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• عزة الإيمان تحصّن المؤمن من التأثر بحطام الدنيا.
ঈমানৰ শক্তিয়ে মুমিনক পাৰ্থিৱ সামগ্ৰীৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা ৰক্ষা কৰে। info

• الفرح بالماديات والركون إليها صفة من صفات الكفار.
ধন-সম্পদৰ দ্বাৰা আনন্দিত হোৱা তথা সেই পিনে সম্পূৰ্ণৰূপে মনোনিৱেশ কৰাটো হৈছে কাফিৰসকলৰ স্বভাৱ। info

• يقظة شعور المؤمن تجاه نعم الله.
মুমিন ব্যক্তি আল্লাহৰ নিয়ামতৰ ক্ষেত্ৰত সদায় সচেতন থাকে। info

• اختبار ذكاء الخصم بغية التعامل معه بما يناسبه.
বিৰোধী পক্ষৰ সৈতে উচিত ব্যৱহাৰ কৰিবলৈ তাৰ বুদ্ধিমত্তাৰ পৰীক্ষা লোৱাত বাধা নাই। info

• إبراز التفوق على الخصم للتأثير فيه.
বিৰোধী পক্ষক প্ৰভাৱিত কৰিবলৈ সিহঁতৰ সন্মুখত নিজৰ শ্ৰেষ্ঠতা প্ৰকাশ কৰাত অসুবিধা নাই। info