የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
155 : 26

قَالَ هٰذِهٖ نَاقَةٌ لَّهَا شِرْبٌ وَّلَكُمْ شِرْبُ یَوْمٍ مَّعْلُوْمٍ ۟ۚ

আল্লাহে যেতিয়া তেওঁক প্ৰতীক হিচাপে উট প্ৰদান কৰিলে, যিটোক আল্লাহে প্ৰকাণ্ড শিলৰ পৰা উলিয়াইছিল, তেতিয়া ছলেহ আলাইহিচ্ছালামে সিহঁতক ক’লেঃ এইটো উট (হৈছে মোৰ প্ৰতীক), যিটোক তোমালোকে প্ৰকাশ্য চাবও পাৰা আৰু চুবও পাৰা। শুনা! পানী পান কৰাৰ বাবে ইয়াৰ এটা নিৰ্ধাৰিত দিন থাকিব, তথা তোমালোকৰ বাবেও থাকিব নিৰ্ধাৰিত দিন। কিন্তু যিদিনা তোমালোকৰ পাল থাকিব, সেইদিনা এই উট পানী পান কৰিবলৈ নাযাব। আনহাতে যিদিনা এই উটৰ পাল থাকিব, সেইদিনা কিন্তু তোমালোকেও পানী পান কৰিবলৈ যাব নোৱাৰিবা। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• توالي النعم مع الكفر استدراج للهلاك.
কুফৰী কৰাৰ পিছতো ধাৰাবাহিকভাৱে নিয়ামত পোৱাটোৱে ধ্বংসৰ পিনে গতি কৰা বুজায়। info

• التذكير بالنعم يُرتجى منه الإيمان والعودة إلى الله من العبد.
এইকাৰণে নিয়ামত স্মৰণ কৰাই দিয়া হয়, যাতে বান্দাই ঈমান পোষণ কৰে আৰু আল্লাহৰ ফালে উভতি আহে। info

• المعاصي هي سبب الفساد في الأرض.
পাপ কৰ্মই হৈছে পৃথিৱীত উপদ্ৰৱ তথা বিপৰ্যয় সৃষ্টিৰ মূল কাৰক। info