የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
37 : 25

وَقَوْمَ نُوْحٍ لَّمَّا كَذَّبُوا الرُّسُلَ اَغْرَقْنٰهُمْ وَجَعَلْنٰهُمْ لِلنَّاسِ اٰیَةً ؕ— وَاَعْتَدْنَا لِلظّٰلِمِیْنَ عَذَابًا اَلِیْمًا ۟ۚۙ

নূহ আলাইহিচ্ছালামৰ সম্প্ৰদায়ে যেতিয়া নূহক অস্বীকাৰ কৰি গোটেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল, তেতিয়া আমি সিহঁতক পানীত ডুবাই ধ্বংস কৰিছিলোঁ। লগতে আমি সিহঁতৰ সেই বিনাশক নিদৰ্শন বনাইছিলোঁ যে, আমি যালিমসকলক এইদৰেই নিৰ্মূল কৰিবলৈ সক্ষম। লগতে আমি এই অত্যাচাৰীসকলৰ বাবে কিয়ামতৰ দিনা কষ্টদায়ক তথা দুখদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الكفر بالله والتكذيب بآياته سبب إهلاك الأمم.
আল্লাহৰ লগত কুফৰী কৰা আৰু তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰা, বহুতো সম্প্ৰদায়ৰ ধ্বংসৰ কাৰণ আছিল। info

• غياب الإيمان بالبعث سبب عدم الاتعاظ.
কোনো নিদৰ্শনৰ পৰা শিক্ষা নোলোৱাৰ অন্যতম কাৰণ হৈছে পুনৰুত্থানক বিশ্বাস নকৰা। info

• السخرية بأهل الحق شأن الكافرين.
সত্যৰ পথত পৰিচালিত ব্যক্তিক উপহাস কৰাটো হৈছে কাফিৰসকলৰ স্বভাৱ। info

• خطر اتباع الهوى.
প্ৰবৃত্তিৰ অনুসৰণ হৈছে মহা ক্ষতিকাৰক। info