የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
36 : 25

فَقُلْنَا اذْهَبَاۤ اِلَی الْقَوْمِ الَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا ؕ— فَدَمَّرْنٰهُمْ تَدْمِیْرًا ۟ؕ

ইয়াৰ পিছত আমি দুয়োকে (মূছা আৰু হাৰূণক) নিৰ্দেশ দিলোঁ যে, আপোনালোকে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ওচৰলৈ যাওক, যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে। এতেকে তেওঁলোক উভয়ে মোৰ আদেশ পালন কৰিলে আৰু সিহঁতৰ ওচৰলৈ গৈ উপস্থিত হ’ল। আৰু সিহঁতক এক আল্লাহৰ প্ৰতি ঈমান আনিবলৈ আহ্বান কৰিলে। কিন্তু সিহঁতে তেওঁলোক দুয়োজনৰ কথা মানিবলৈ অস্বীকাৰ কৰিলে, ফলত আমি সিহঁতক পৰিপূৰ্ণৰূপে ধ্বংস কৰি দিলোঁ। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الكفر بالله والتكذيب بآياته سبب إهلاك الأمم.
আল্লাহৰ লগত কুফৰী কৰা আৰু তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰা, বহুতো সম্প্ৰদায়ৰ ধ্বংসৰ কাৰণ আছিল। info

• غياب الإيمان بالبعث سبب عدم الاتعاظ.
কোনো নিদৰ্শনৰ পৰা শিক্ষা নোলোৱাৰ অন্যতম কাৰণ হৈছে পুনৰুত্থানক বিশ্বাস নকৰা। info

• السخرية بأهل الحق شأن الكافرين.
সত্যৰ পথত পৰিচালিত ব্যক্তিক উপহাস কৰাটো হৈছে কাফিৰসকলৰ স্বভাৱ। info

• خطر اتباع الهوى.
প্ৰবৃত্তিৰ অনুসৰণ হৈছে মহা ক্ষতিকাৰক। info