የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
64 : 24

اَلَاۤ اِنَّ لِلّٰهِ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ— قَدْ یَعْلَمُ مَاۤ اَنْتُمْ عَلَیْهِ ؕ— وَیَوْمَ یُرْجَعُوْنَ اِلَیْهِ فَیُنَبِّئُهُمْ بِمَا عَمِلُوْا ؕ— وَاللّٰهُ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟۠

জানি থোৱা! আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰৰ সৃষ্টিকৰ্তা, মালিক আৰু সঞ্চালনকৰ্তা একমাত্ৰ আল্লাহ তাআলা। হে মানৱজাতি! তোমালোকে যি অৱস্থাতেই নাথাকা কিয়, সেই অৱস্থা সম্পৰ্কে তেওঁ অৱগত। তোমালোকৰ কোনো অৱস্থাই তেওঁৰ পৰা গোপন নহয়। কিয়ামতৰ দিনা যেতিয়া সিহঁত পুনৰ্জীৱিত হৈ উঠিব, তেতিয়া সিহঁতক আল্লাহে সেই সকলো কৰ্ম সম্পৰ্কে অৱগত কৰিব যিবোৰ সিহঁতে পৃথিৱীত কৰিছে। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। আকাশমণ্ডল আৰু পৃথিৱীৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• دين الإسلام دين النظام والآداب، وفي الالتزام بالآداب بركة وخير.
ইছলাম হৈছে প্ৰণালীবদ্ধ আৰু উত্তম শিষ্টাচাৰৰ ধৰ্ম। শিষ্টাচাৰ পালনৰ মাজত আছে বৰকত আৰু কল্যাণ। info

• منزلة رسول الله صلى الله عليه وسلم تقتضي توقيره واحترامه أكثر من غيره.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক আনতকৈ অধিক মৰ্যাদা দিয়া আৰু সন্মান কৰাটো হৈছে তেওঁৰ উচ্চ আসনৰ দাবী। info

• شؤم مخالفة سُنَّة النبي صلى الله عليه وسلم.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতৰ বিৰুদ্ধাচৰণ কৰাৰ দুষ্পৰিণাম। info

• إحاطة ملك الله وعلمه بكل شيء.
সকলো বস্তুৱেই আল্লাহৰ ৰাজত্বৰ অধীনস্থ আৰু সকলো বস্তুৱেই তেওঁৰ জ্ঞানৰ দ্বাৰা পৰিবেষ্টিত। info