የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
60 : 24

وَالْقَوَاعِدُ مِنَ النِّسَآءِ الّٰتِیْ لَا یَرْجُوْنَ نِكَاحًا فَلَیْسَ عَلَیْهِنَّ جُنَاحٌ اَنْ یَّضَعْنَ ثِیَابَهُنَّ غَیْرَ مُتَبَرِّجٰتٍ بِزِیْنَةٍ ؕ— وَاَنْ یَّسْتَعْفِفْنَ خَیْرٌ لَّهُنَّ ؕ— وَاللّٰهُ سَمِیْعٌ عَلِیْمٌ ۟

বৃদ্ধবয়সৰ কাৰণে যিসকল মহিলাৰ মাহেকীয়া নহয় আৰু গৰ্ভৱতীও নহয়, আনকি তেওঁলোকৰ বিবাহৰো কোনো আশা নাই, তেনেকুৱা মহিলাই যদি কিছু কাপোৰ খুলি ৰাখে, যেনেঃ চাদৰ আৰু ওৰণি আদি তেন্তে তেওঁলোকৰ কোনো গুনাহ নহ’ব। কিন্তু চৰ্ত হ’ল যিবোৰ সৌন্দৰ্য গোপন ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে সেইবোৰ যাতে প্ৰকাশ নাপায়। কিন্তু সেইবোৰ কাপোৰ খুলি নৰখাই তেওঁলোকৰ বাবে অধিক উত্তম, যাতে পৰ্দা আৰু পাক-পৱিত্ৰতাৰ প্ৰতি অধিক মনোযোগ থাকে। নিশ্চয় আল্লাহ তোমালোকৰ সকলো কথা শ্ৰৱণকাৰী আৰু তোমালোকৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• جواز وضع العجائز بعض ثيابهنّ لانتفاء الريبة من ذلك.
বৃদ্ধা মহিলাই নিজৰ কিছুমান কাপোৰ খুলি ৰাখিব পাৰে, ইয়াত সন্দেহৰ কোনো অৱকাশ নাথাকে। info

• الاحتياط في الدين شأن المتقين.
মুত্তাক্বীসকলে সদায় সাৱধানতা আৰু সতৰ্কতা অৱলম্বন কৰে। info

• الأعذار سبب في تخفيف التكليف.
উপযুক্ত কাৰণত চৰীয়তৰ কিছুমান দায়িত্ব লাঘৱ কৰা হয়। info

• المجتمع المسلم مجتمع التكافل والتآزر والتآخي.
মুছলিম সমাজ এনেকুৱা এটা সমাজ, যিটো সমাজৰ প্ৰতিজন সদস্যই ইজনে সিজনৰ প্ৰয়োজন পূৰণ কৰে, পৰস্পৰে পৰস্পৰক সহায় কৰাত সদায় তৎপৰ থাকে আৰু তেওঁলোক পৰস্পৰ হৈছে ভাই-ভাই। info