የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
30 : 24

قُلْ لِّلْمُؤْمِنِیْنَ یَغُضُّوْا مِنْ اَبْصَارِهِمْ وَیَحْفَظُوْا فُرُوْجَهُمْ ؕ— ذٰلِكَ اَزْكٰی لَهُمْ ؕ— اِنَّ اللّٰهَ خَبِیْرٌ بِمَا یَصْنَعُوْنَ ۟

হে ৰাছুল! আপুনি মুমিনসকলক জনাই দিয়ক, তেওঁলোকে যেন পৰ নাৰীক দেখাৰ পৰা আৰু পৰ্দাকৃত বস্তু চোৱাৰ পৰা নিজৰ দৃষ্টিক সংযত ৰাখে, লগতে তেওঁলোকে যেন হাৰাম কৰ্মৰ পৰা বিৰত থাকি নিজৰ লজ্জাস্থানক হিফাজত কৰে, তথা মানুহৰ আগত যাতে নিজৰ লজ্জাস্থান উন্মুক্ত নকৰে। লজ্জাস্থানৰ হিফাজত কৰা আৰু আল্লাহে হাৰাম কৰা বস্তু নেদেখাটোৱে হৈছে আল্লাহৰ ওচৰত তেওঁলোকৰ বাবে অধিক পৱিত্ৰ। নিশ্চয় আল্লাহ তেওঁলোকৰ সকলো কৰ্ম সম্পৰ্কে সম্যক অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়, তেৱেঁই তেওঁলোকক ইয়াৰ প্ৰতিদান দিব।
info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• جواز دخول المباني العامة دون استئذان.
সাৰ্বজনিক ভৱনত অনুমতি নোহোৱাকৈ প্ৰৱেশ কৰা বৈধ। info

• وجوب غض البصر على الرجال والنساء عما لا يحلّ لهم.
পুৰুষ তথা নাৰী সকলোৱে এনেকুৱা বস্তুৰ পৰা দৃষ্টি সংযত ৰখা অনিবাৰ্য, যিবোৰ দেখা তেওঁলোকৰ বাবে হালাল নহয়। info

• وجوب الحجاب على المرأة.
নাৰীৰ বাবে পৰ্দা অনিবাৰ্য। info

• منع استخدام وسائل الإثارة.
কামনা-বাসনাক উত্তেজিত কৰা মাধ্যমসমূহ অৱলম্বন কৰা নিষিদ্ধ। info