የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
68 : 23

اَفَلَمْ یَدَّبَّرُوا الْقَوْلَ اَمْ جَآءَهُمْ مَّا لَمْ یَاْتِ اٰبَآءَهُمُ الْاَوَّلِیْنَ ۟ؗ

এই মুশ্বৰিকসকলে আল্লাহে অৱতীৰ্ণ কৰা কোৰআন সম্পৰ্কে চিন্তা-চৰ্চা নকৰে নেকি, যাতে ইয়াৰ প্ৰতি ঈমান পোষণ কৰিব পাৰে আৰু তাত থকা বিধান মুতাবিক আমল কৰিব পাৰে? নে সিহঁতৰ ওচৰত এনেকুৱা বস্তু আহি পৰিছে যিটো সিহঁতৰ পুৰ্বপুৰুষসকলৰ ওচৰত অহা নাছিল, সেইকাৰণেই সিহঁতে ইয়াক অস্বীকাৰ কৰি বিমুখ হৈছে নেকি? info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• خوف المؤمن من عدم قبول عمله الصالح.
মুমিন ব্যক্তিয়ে সদায় নিজৰ সৎকৰ্মকলৈ ভয় পোষণ কৰে, সেয়া কবুল হয় নে নহয়। info

• سقوط التكليف بما لا يُسْتطاع رحمة بالعباد.
আল্লাহে বান্দাসকলৰ প্ৰতি কৃপা কৰি সিহঁতৰ প্ৰতি এনেকুৱা কোনো দায়িত্ব দিয়া নাই যিটো সিহঁতৰ সামৰ্থৰ বাহিৰত। info

• الترف مانع من موانع الاستقامة وسبب في الهلاك.
সুখ আৰু ধন-সম্পত্তিৰ প্ৰশস্ততা হৈছে সঠিক পথত পৰিচালিত হোৱাত বাধা প্ৰদানৰ এটা কাৰণ, তথা বিনাশৰো অন্যতম কাৰণ। info

• قصور عقول البشر عن إدراك كثير من المصالح.
মানুহৰ বিবেক এনেকুৱা বহুতো বিষয়ত ঢুকি নাপায়, যিটো তাৰ নিজৰ বাবেই কল্যাণকৰ। info