የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
52 : 23

وَاِنَّ هٰذِهٖۤ اُمَّتُكُمْ اُمَّةً وَّاحِدَةً وَّاَنَا رَبُّكُمْ فَاتَّقُوْنِ ۟

হে ৰাছুল! প্ৰকৃততে আপোনালোকৰ এটাই ধৰ্ম, আৰু সেইটো হৈছে ইছলাম। ময়েই আপোনালোকৰ ৰব্ব, মোৰ বাহিৰে আপোনালোকৰ আন কোনো প্ৰকৃত ৰব্ব নাই। গতিকে মোৰ আদেশ পালন কৰি আৰু মোৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থাকি মোৰ তাক্বৱা অৱলম্বন কৰক। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الاستكبار مانع من التوفيق للحق.
অহংকাৰে সত্যক স্বীকাৰ কৰিবলৈ বাধা দিয়ে। info

• إطابة المأكل له أثر في صلاح القلب وصلاح العمل.
হালাল ভোজনৰ প্ৰভাৱে অন্তৰ সংশোধনত তথা আমলৰ বিশুদ্ধতাত মুখ্য ভুমিকা পালন কৰে। info

• التوحيد ملة جميع الأنبياء ودعوتهم.
তাওহীদেই হৈছে সকলো নবীৰ ধৰ্ম, আৰু ইয়াৰ পিনেই তেওঁলোকে আহ্বান কৰিছিল। info

• الإنعام على الفاجر ليس إكرامًا له، وإنما هو استدراج.
পাপিষ্ট লোকসকলক প্ৰদান কৰা নিয়ামতবোৰ সিহঁতক সন্মানাৰ্থে প্ৰদান কৰা নহয়, বৰং সিহঁতক অৱকাশ দিয়া হয় তথা সুযোগ প্ৰদান কৰা হয়। info