የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
44 : 23

ثُمَّ اَرْسَلْنَا رُسُلَنَا تَتْرَا ؕ— كُلَّ مَا جَآءَ اُمَّةً رَّسُوْلُهَا كَذَّبُوْهُ فَاَتْبَعْنَا بَعْضَهُمْ بَعْضًا وَّجَعَلْنٰهُمْ اَحَادِیْثَ ۚ— فَبُعْدًا لِّقَوْمٍ لَّا یُؤْمِنُوْنَ ۟

আমি ধাৰাবাহিকভাৱে এজনৰ পিছত এজনকৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ। কিন্তু যেতিয়াই সেই উম্মতসমূহৰ মাজত কোনো ৰাছুলৰ আগমণ ঘটিছিল সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল। আমিও সিহঁতক এটাৰ পিছত এটাকৈ ধ্বংস কৰিছিলোঁ। সেইসমূহ জাতিৰ ইতিহাসৰ বাহিৰে আন কোনো অস্তিত্ব নাছিল। ধ্বংস হওক সেইসকল লোক, যিসকলে ৰাছুলে লৈ অহা বাৰ্তাৰ প্ৰতি ঈমান পোষণ নকৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الاستكبار مانع من التوفيق للحق.
অহংকাৰে সত্যক স্বীকাৰ কৰিবলৈ বাধা দিয়ে। info

• إطابة المأكل له أثر في صلاح القلب وصلاح العمل.
হালাল ভোজনৰ প্ৰভাৱে অন্তৰ সংশোধনত তথা আমলৰ বিশুদ্ধতাত মুখ্য ভুমিকা পালন কৰে। info

• التوحيد ملة جميع الأنبياء ودعوتهم.
তাওহীদেই হৈছে সকলো নবীৰ ধৰ্ম, আৰু ইয়াৰ পিনেই তেওঁলোকে আহ্বান কৰিছিল। info

• الإنعام على الفاجر ليس إكرامًا له، وإنما هو استدراج.
পাপিষ্ট লোকসকলক প্ৰদান কৰা নিয়ামতবোৰ সিহঁতক সন্মানাৰ্থে প্ৰদান কৰা নহয়, বৰং সিহঁতক অৱকাশ দিয়া হয় তথা সুযোগ প্ৰদান কৰা হয়। info