የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
75 : 22

اَللّٰهُ یَصْطَفِیْ مِنَ الْمَلٰٓىِٕكَةِ رُسُلًا وَّمِنَ النَّاسِ ؕ— اِنَّ اللّٰهَ سَمِیْعٌ بَصِیْرٌ ۟ۚ

পৱিত্ৰ আল্লাহে ফিৰিস্তাসকলৰ মাজৰ পৰা কিছুমানক বাৰ্তাবাহক হিচাপে নিৰ্বাচিত কৰে। সেইদৰে মানুহৰ মাজৰ পৰাও কিছুমানক ৰাছুল হিচাপে মনোনীত কৰে। এতেকে কিছুমান ফিৰিস্তাক তেওঁ নবীসকলৰ ওচৰলৈ প্ৰেৰণ কৰে। যেনে- জিব্ৰীল আলাইহিচ্ছালামক তেওঁ ৰাছুলসকলৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। আনহাতে মানৱ ৰাছুলসকলক মানৱজাতিৰ প্ৰতি প্ৰেৰণ কৰিছিল। নিশ্চয় আল্লাহে সেই যাৱতীয় কথা শ্ৰৱণ কৰে, মুশ্বৰিকসকলে যিবোৰ কথা ৰাছুলসকলৰ বিষয়ে কয়। লগতে তেওঁ সদায় সেইসকলৰ প্ৰতি দৃষ্টি ৰাখে, যিসকলক তেওঁ ৰাছুল হিচাপে নিৰ্বাচিত কৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أهمية ضرب الأمثال لتوضيح المعاني، وهي طريقة تربوية جليلة.
কথা স্পষ্ট কৰিবলৈ উদাহৰণ দিয়াৰ গুৰুত্ব। এইটো এটা গুৰুত্বপূৰ্ণ শৈক্ষিক উপকৰণ। info

• عجز الأصنام عن خلق الأدنى دليل على عجزها عن خلق غيره.
মূৰ্তিবোৰে নিম্নতৰ বস্তু এটাকো সৃষ্টি কৰিব নোৱাৰা বিষয়টোৱে এই কথা প্ৰমাণ কৰে যে, সেইবোৰে আন একোৱেই সৃষ্টি কৰিব নোৱাৰে। info

• الإشراك بالله سببه عدم تعظيم الله.
আল্লাহৰ লগত অংশী কৰাৰ অৰ্থ হৈছে তেওঁৰ মৰ্যাদাহানী কৰা। info

• إثبات صفتي القوة والعزة لله، وأهمية أن يستحضر المؤمن معاني هذه الصفات.
আল্লাহৰ বিশেষ দুটা বৈশিষ্ট্যৰ প্ৰমাণ পোৱা গ'ল, সৰ্বশক্তিমান আৰু প্ৰভুত্বশালী। লগতে এই কথাৰ প্ৰতিও গুৰুত্ব দিয়া হৈছে যে, মানুহে যেন এইবোৰ বৈশিষ্ট্যৰ অৰ্থ অন্তৰত গাঁথি লয়। info