የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
6 : 22

ذٰلِكَ بِاَنَّ اللّٰهَ هُوَ الْحَقُّ وَاَنَّهٗ یُحْیِ الْمَوْتٰی وَاَنَّهٗ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟ۙ

এই সকলোবোৰ (তোমালোকৰ সৃষ্টিৰ আৰম্ভণি আৰু ইয়াৰ বিভিন্ন পৰ্যায়, তথা তোমালোকৰ মাজৰ যিসকলে জন্ম লাভ কৰে সেইসকলৰ অৱস্থা আদি) যিবোৰ আমি তোমালোকৰ আগত দাঙি ধৰিলোঁ, ইয়াৰ উদ্দেশ্য হৈছেঃ তোমালোকে সেই আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা, যিয়ে তোমালোকক সৃষ্টি কৰিছে; তেৱেঁই সত্য, ইয়াত কোনো সন্দেহ নাই। আনহাতে তেওঁৰ বাহিৰে তোমালোকে যিবোৰ মূৰ্তিৰ উপাসনা কৰা সেই সকলোবোৰ হৈছে অসত্য। ইয়াৰ আন এটা উদ্দেশ্য হৈছেঃ তোমালোকে বিশ্বাস পোষণ কৰা যে, তেৱেঁই মৃত লোকসকলক জীৱিত কৰিব। নিশ্চয় তেওঁ সকলো কৰ্মত ক্ষমতাৱান। কোনো কৰ্মই তেওঁৰ সাধ্যাতীত নহয়। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أسباب الهداية إما علم يوصل به إلى الحق، أو هادٍ يدلهم إليه، أو كتاب يوثق به يهديهم إليه.
হিদায়ত লাভ হয় জ্ঞানৰ জৰিয়তে, অথবা পথপ্ৰদৰ্শকৰ জৰিয়তে নাইবা নিৰ্ভৰযোগ্য কোনো গ্ৰন্থৰ জৰিয়তে। এইবোৰে মানুহক সত্যৰ দৰ্শন কৰায়। info

• الكبر خُلُق يمنع من التوفيق للحق.
অহংকাৰে মানুহক সত্যৰ তাওফীকৰ পৰা বঞ্চিত কৰি দিয়ে। info

• من عدل الله أنه لا يعاقب إلا على ذنب.
এয়া আল্লাহৰ ন্যায় যে, তেওঁ অপৰাধ নোহোৱাকৈ কাকো শাস্তি নিদিয়ে। info

• الله ناصرٌ نبيَّه ودينه ولو كره الكافرون.
আল্লাহে তেওঁৰ নবীক আৰু ধৰ্মক সহায় কৰে আৰু কৰিব, যদিও কাফিৰসকলে ইয়াক অপছন্দ নকৰক কিয়। info