የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
40 : 22

١لَّذِیْنَ اُخْرِجُوْا مِنْ دِیَارِهِمْ بِغَیْرِ حَقٍّ اِلَّاۤ اَنْ یَّقُوْلُوْا رَبُّنَا اللّٰهُ ؕ— وَلَوْلَا دَفْعُ اللّٰهِ النَّاسَ بَعْضَهُمْ بِبَعْضٍ لَّهُدِّمَتْ صَوَامِعُ وَبِیَعٌ وَّصَلَوٰتٌ وَّمَسٰجِدُ یُذْكَرُ فِیْهَا اسْمُ اللّٰهِ كَثِیْرًا ؕ— وَلَیَنْصُرَنَّ اللّٰهُ مَنْ یَّنْصُرُهٗ ؕ— اِنَّ اللّٰهَ لَقَوِیٌّ عَزِیْزٌ ۟

কাফিৰসকলে তেওঁলোকক অন্যায়ভাৱে নিজৰ ঘৰৰ পৰা বহিষ্কাৰ কৰিছিল, তেওঁলোকৰ কোনো অপৰাধ নাছিল; অপৰাধ কেৱল এইটোৱে যে, তেওঁলোকে কৈছিলঃ “আল্লাহ হৈছে আমাৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আমাৰ আন কোনো প্ৰতিপালক নাই।” যদি আল্লাহে নবীসকলক আৰু মুমিনসকলক শত্ৰুৰ সৈতে যুদ্ধ কৰাৰ অনুমতি প্ৰদান নকৰিলেহেঁতেন, তেন্তে সিহঁতে ইবাদতৰ স্থানসমূহক বিধ্বস্ত কৰিলেহেঁতেন, বৈৰাগীসকলৰ উপাসনালয়, খৃষ্টানসকলৰ গীৰ্জা, ইয়াহুদীসকলৰ উপাসনালয় আৰু মুছলিমসকলৰ চালাত আদায় কৰা স্থান মছজিদসমূহ বিধ্বস্ত কৰিলেহেঁতেন, য’ত মুছলিমসকলে আল্লাহক অধিক বেছি বেছি স্মৰণ কৰে। নিশ্চয় আল্লাহে সেই ব্যক্তিক সহায় কৰিব, যিয়ে তেওঁৰ ধৰ্ম আৰু তেওঁৰ নবীক সহায় কৰে। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• إثبات صفتي القوة والعزة لله.
শক্তি আৰু সন্মান, আল্লাহৰ এই দুটা বৈশিষ্ট্যৰ প্ৰমাণ পোৱা গ’ল। info

• إثبات مشروعية الجهاد؛ للحفاظ على مواطن العبادة.
ইবাদতৰ স্থানক সুৰক্ষা প্ৰদান কৰিবলৈ যুদ্ধ কৰাৰ প্ৰমাণ। info

• إقامة الدين سبب لنصر الله لعبيده المؤمنين.
নিয়মিতভাৱে ধৰ্ম পালন কৰিলে আল্লাহে তেওঁৰ মুমিন বান্দাসকলক সহায় কৰে। info

• عمى القلوب مانع من الاعتبار بآيات الله.
অন্তৰৰ অন্ধতাই আল্লাহৰ আয়াতসমূহৰ পৰা শিক্ষা গ্ৰহণ কৰাত বাধা প্ৰদান কৰে। info