የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
27 : 22

وَاَذِّنْ فِی النَّاسِ بِالْحَجِّ یَاْتُوْكَ رِجَالًا وَّعَلٰی كُلِّ ضَامِرٍ یَّاْتِیْنَ مِنْ كُلِّ فَجٍّ عَمِیْقٍ ۟ۙ

লগতে মানুহক এই ঘৰৰ হজ্জ কৰিবলৈ আহ্বান কৰক, যিটোক নিৰ্মাণ কৰাৰ আদেশ আমি আপোনাক প্ৰদান কৰিছোঁ। তেওঁলোকে আপোনাৰ ওচৰলৈ খোজকাঢ়ি আহিব অথবা উটৰ পিঠিত আৰোহণ কৰি আহিব, দীঘলীয়া ভ্ৰমণৰ বাবে উট দুৰ্বল হৈ পৰিব। দূৰ-দাৰান্ত পথ অতিক্ৰম কৰি উটে তেওঁলোকক বহন কৰি আনিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• حرمة البيت الحرام تقتضي الاحتياط من المعاصي فيه أكثر من غيره.
আল্লাহৰ পৱিত্ৰ ঘৰ কাবাৰ সন্মান কৰি তথা আন আন ঠাইৰ তুলনাত সেই ঠাইত বিশেষকৈ গুনাহৰ কৰ্মৰ পৰা সতৰ্ক থকা উচিত। info

• بيت الله الحرام مهوى أفئدة المؤمنين في كل زمان ومكان.
আল্লাহৰ পৱিত্ৰ ঘৰ কাবা, প্ৰত্যেক যুগতে, সকলো ঠাইৰ মুমিনসকলৰ বাবে আন্তৰিক আকৰ্ষণ হিচাপে পৰিগণিত হৈ আহিছে। info

• منافع الحج عائدة إلى الناس سواء الدنيوية أو الأخروية.
হজ্জৰ যি উপকাৰ সেয়া মানুহে অৱশ্যে লাভ কৰিব, এই পৃথিৱীতে হওক অথবা আখিৰাতত। info

• شكر النعم يقتضي العطف على الضعفاء.
নিয়ামতৰ কৃতজ্ঞতা আদায় কৰাৰ বাবে, দুৰ্বল লোকসকলৰ প্ৰতি দয়া কৰা অনিবাৰ্য। info