የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
97 : 21

وَاقْتَرَبَ الْوَعْدُ الْحَقُّ فَاِذَا هِیَ شَاخِصَةٌ اَبْصَارُ الَّذِیْنَ كَفَرُوْا ؕ— یٰوَیْلَنَا قَدْ كُنَّا فِیْ غَفْلَةٍ مِّنْ هٰذَا بَلْ كُنَّا ظٰلِمِیْنَ ۟

সিহঁত মুক্ত হ'লে কিয়ামত নিকটৱৰ্তী হ'ব আৰু কিয়ামতৰ ভয়াৱহ দৃশ্য তথা কঠিন পৰিস্থিতি প্ৰকাশ পাব। সেই কঠিন পৰিস্থিতি দেখি কাফিৰসকলৰ চকু কপালত উঠিব। সিহঁতে ক'বঃ হায় আমাৰ বিনাশ! পৃথিৱীত আমি এই ভয়াৱহ দিনৰ প্ৰস্তুতিৰ পৰা অমনোযোগী আছিলোঁ। বৰং কুফৰ আৰু অবাধ্যতাৰ ফলত আমি যালিম হৈ পৰিছিলোঁ। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• التنويه بالعفاف وبيان فضله.
সতী-সাধ্বী তথা সততাৰ প্ৰশংসা আৰু ইয়াৰ মহত্বৰ বৰ্ণনা। info

• اتفاق الرسالات السماوية في التوحيد وأسس العبادات.
তাওহীদ আৰু ইবাদতৰ মূল ভিত্তিৰ ক্ষেত্ৰত সকলো আচমানী ধৰ্ম এক। info

• فَتْح سد يأجوج ومأجوج من علامات الساعة الكبرى.
ইয়াজুজ আৰু মাজুজৰ বান্ধোন খুলি যোৱাটো হৈছে কিয়ামতৰ এটা ডাঙৰ প্ৰতীক। info

• الغفلة عن الاستعداد ليوم القيامة سبب لمعاناة أهوالها.
কিয়ামত দিৱসৰ বাবে প্ৰস্তুতি নোলোৱাৰ ক্ষেত্ৰত অমনোযোগিতাৰ কাৰণে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। info