የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
74 : 21

وَلُوْطًا اٰتَیْنٰهُ حُكْمًا وَّعِلْمًا وَّنَجَّیْنٰهُ مِنَ الْقَرْیَةِ الَّتِیْ كَانَتْ تَّعْمَلُ الْخَبٰٓىِٕثَ ؕ— اِنَّهُمْ كَانُوْا قَوْمَ سَوْءٍ فٰسِقِیْنَ ۟ۙ

লূত আলাইহিচ্ছালামক আমি দ্বন্দকাৰী ব্যক্তিসকলৰ মাজত মীমাংসা কৰাৰ শক্তি প্ৰদান কৰিছিলোঁ। আৰু তেওঁক দ্বীনৰ জ্ঞান প্ৰদান কৰিছিলোঁ। লগতে তেওঁৰ জনবসতি (ছুদুম)ৰ ওপৰত অৱতীৰ্ণ হোৱা শাস্তিৰ পৰা তেওঁক ৰক্ষা কৰিছিলোঁ। যি জনবসতিৰ অধিবাসীসকলে প্ৰকাশ্য অশ্লীলতাত লিপ্ত আছিল। নিশ্চয় সিহঁত বিপৰ্যয় সৃষ্টিকাৰী লোক আছিল, যিসকলে নিজ প্ৰতিপালকৰ আনুগত্যৰ পৰা ওলাই গৈছিল। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• فعل الخير والصلاة والزكاة، مما اتفقت عليه الشرائع السماوية.
সৎকৰ্ম কৰা, চালাত আদায় কৰা, যাকাত প্ৰদান কৰা আদি এনেকুৱা উপদেশ, যিবোৰ প্ৰত্যেক আচমানী গ্ৰন্থত উল্লেখ আছে। info

• ارتكاب الفواحش سبب في وقوع العذاب المُسْتَأْصِل.
অশ্লীল কৰ্ম হৈছে বিনাশ বা ধ্বংসৰ অন্যতম কাৰণ। info

• الصلاح سبب في الدخول في رحمة الله.
সদাচাৰিতা হৈছে আল্লাহৰ ৰহমতত প্ৰৱেশ কৰাৰ অন্যতম উপায়। info

• الدعاء سبب في النجاة من الكروب.
দুআ হৈছে বিপদ-আপদৰ পৰা মুক্তি লাভ কৰাৰ উপায়। info