የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
18 : 21

بَلْ نَقْذِفُ بِالْحَقِّ عَلَی الْبَاطِلِ فَیَدْمَغُهٗ فَاِذَا هُوَ زَاهِقٌ ؕ— وَلَكُمُ الْوَیْلُ مِمَّا تَصِفُوْنَ ۟

বৰং আমি ৰাছুলৰ প্ৰতি প্ৰেৰণ কৰা সত্যক কাফিৰসকলৰ বাতিলৰ ওপৰত নিক্ষেপ কৰোঁ, ফলত বাতিল চূৰ্ণ-বিচূৰ্ণ হৈ যায়। আৰু ধ্বংসস্তুপত পৰিণত হয়। হেৰা আল্লাহৰ স্ত্ৰী আৰু পুত্ৰ দাবী কৰা ব্যক্তিসকল! তোমালোকৰ বাবে আছে বিনাশ, কিয়নো তোমালোকে এনেকুৱা কথা কৈছা, যিটোৰ লগত আল্লাহৰ কোনো সম্পৰ্ক নাই তেওঁ অতি পৱিত্ৰ। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الظلم سبب في الهلاك على مستوى الأفراد والجماعات.
ব্যক্তি জীৱনতেই হওঁক অথবা সামাজিক জীৱনত, অন্যায় হৈছে ধ্বংসৰ মূল কাৰণ। info

• ما خلق الله شيئًا عبثًا؛ لأنه سبحانه مُنَزَّه عن العبث.
আল্লাহে কোনো বস্তুকেই অদৰকাৰী সৃষ্টি কৰা নাই। কিয়নো অদৰকাৰী সৃষ্টি কৰাৰ পৰা তেওঁ পৱিত্ৰ। info

• غلبة الحق، ودحر الباطل سُنَّة إلهية.
সত্যক বিজয়ী কৰা আৰু অসত্যক পৰাস্ত কৰাটো আল্লাহৰ ধাৰাবাহিক নীতি। info

• إبطال عقيدة الشرك بدليل التَّمَانُع.
শ্বিৰ্কীয়া আক্বীদাক এই প্ৰমাণৰ জৰিয়তে খণ্ডন কৰা হৈছে যে, যদি একাধিক উপাস্য থাকিলহেঁতেন তেন্তে ইজনে সিজনৰ কৰ্মত হস্তক্ষেপ কৰিলেহেঁতেন, তথা বিশ্বজগতৰ পৰিচালনাত ব্যঘাত জন্মিলেহেঁতেন। info