የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
96 : 20

قَالَ بَصُرْتُ بِمَا لَمْ یَبْصُرُوْا بِهٖ فَقَبَضْتُ قَبْضَةً مِّنْ اَثَرِ الرَّسُوْلِ فَنَبَذْتُهَا وَكَذٰلِكَ سَوَّلَتْ لِیْ نَفْسِیْ ۟

ছামেৰীয়ে মূছা আলাইহিচ্ছালামক ক'লেঃ মই সেইটো প্ৰত্যক্ষ কৰিছোঁ যিটো সিহঁতে প্ৰত্যক্ষ কৰা নাই। মই জিব্ৰীলক ঘোঁৰাৰ ওপৰত দেখিছোঁ আৰু তেওঁৰ ঘোঁৰাৰ পদ চিহ্নৰ এমুঠি মাটি সংগ্ৰহ কৰিছোঁ, সেই মাটি আ-অলংকাৰেৰে নিৰ্মিত দামুৰিৰ অৱয়বত নিক্ষেপ কৰিছোঁ। এতেকে ইয়াৰ দ্বাৰা এটা দামুৰিৰ শৰীৰ সৃষ্টি হ'ল, যিটো হাম্বা হাম্বা মাতিছিল। মই যি কৰিছোঁ সেইটো মোৰ মনে মোৰ বাবে সৌন্দৰ্যময় কৰি দিছিল। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• خداع الناس بتزوير الحقائق مسلك أهل الضلال.
পাকে প্ৰকাৰে বাস্তাৱতাক গোপন কৰি মানুহক প্ৰতাৰণা কৰাটো পথভ্ৰষ্ট লোকৰ আচৰণ। info

• الغضب المحمود هو الذي يكون عند انتهاكِ محارم الله.
আল্লাহে হাৰাম কৰা সীমাৰেখা অতিক্ৰম কৰাৰ ক্ষেত্ৰত হোৱা ক্ৰোধ অতি প্ৰশংসনীয়। info

• في الآيات أصل في نفي أهل البدع والمعاصي وهجرانهم، وألا يُخَالَطوا.
উক্ত আয়াতবোৰত বিদআতী আৰু গুনাহগাৰ লোকৰ পৰা দূৰত্ব অৱলম্বন কৰাৰ তথা সিহঁতৰ লগত অন্তৰঙ্গ সম্পৰ্কৰ পৰা বিৰত থকাৰ প্ৰমাণ পোৱা যায়। info

• في الآيات وجوب التفكر في معرفة الله تعالى من خلال مفعولاته في الكون.
উক্ত আয়াতবোৰে প্ৰমাণ কৰে যে, পৱিত্ৰ আল্লাহক অধিক জানিবলৈ বিশ্বজগতৰ বিভিন্ন প্ৰান্তত থকা তেওঁৰ নিখুঁত কৰ্মৰাজীৰ প্ৰতি চিন্তা-চৰ্চা তথা গৱেষণা কৰা উচিত। info