የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
94 : 20

قَالَ یَبْنَؤُمَّ لَا تَاْخُذْ بِلِحْیَتِیْ وَلَا بِرَاْسِیْ ۚ— اِنِّیْ خَشِیْتُ اَنْ تَقُوْلَ فَرَّقْتَ بَیْنَ بَنِیْۤ اِسْرَآءِیْلَ وَلَمْ تَرْقُبْ قَوْلِیْ ۟

মূছা আলাইহিচ্ছালামে যেতিয়া তেওঁৰ ভাতৃৰ দাঢ়ি আৰু মূৰৰ চুলি খামুচি ধৰি নিজৰ ফালে টানি তেওঁক ভৰ্ৎসনা কৰি আছিল, তেতিয়া হাৰূনে তেওঁৰ ওচৰত কৃপা কৰাৰ আবেদন জনাই ক'লেঃ আপুনি অনুগ্ৰহ কৰি মোৰ দাঢ়ি আৰু চুলি ধৰি নাটানিব। কিয়নো সিহঁতৰ সৈতে অৱস্থান কৰা সম্পৰ্কে মোৰ ওচৰত উপযুক্ত কাৰণ আছে। দৰাচলতে মই যদি সিহঁতক এৰি গুচি গলোহেঁতেন তেন্তে সিহঁত বিভিন্ন দলত বিভক্ত হ'লহেঁতেন। তেতিয়া আপুনি মোক দোষাৰোপ কৰিলেহেঁতেন যে, ময়েই সিহঁতক বিভক্ত কৰিছোঁ, তথা আপোনাৰ উপদেশৰ প্ৰতি ভ্ৰূক্ষেপ কৰা নাই। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• خداع الناس بتزوير الحقائق مسلك أهل الضلال.
পাকে প্ৰকাৰে বাস্তাৱতাক গোপন কৰি মানুহক প্ৰতাৰণা কৰাটো পথভ্ৰষ্ট লোকৰ আচৰণ। info

• الغضب المحمود هو الذي يكون عند انتهاكِ محارم الله.
আল্লাহে হাৰাম কৰা সীমাৰেখা অতিক্ৰম কৰাৰ ক্ষেত্ৰত হোৱা ক্ৰোধ অতি প্ৰশংসনীয়। info

• في الآيات أصل في نفي أهل البدع والمعاصي وهجرانهم، وألا يُخَالَطوا.
উক্ত আয়াতবোৰত বিদআতী আৰু গুনাহগাৰ লোকৰ পৰা দূৰত্ব অৱলম্বন কৰাৰ তথা সিহঁতৰ লগত অন্তৰঙ্গ সম্পৰ্কৰ পৰা বিৰত থকাৰ প্ৰমাণ পোৱা যায়। info

• في الآيات وجوب التفكر في معرفة الله تعالى من خلال مفعولاته في الكون.
উক্ত আয়াতবোৰে প্ৰমাণ কৰে যে, পৱিত্ৰ আল্লাহক অধিক জানিবলৈ বিশ্বজগতৰ বিভিন্ন প্ৰান্তত থকা তেওঁৰ নিখুঁত কৰ্মৰাজীৰ প্ৰতি চিন্তা-চৰ্চা তথা গৱেষণা কৰা উচিত। info