የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
89 : 2

وَلَمَّا جَآءَهُمْ كِتٰبٌ مِّنْ عِنْدِ اللّٰهِ مُصَدِّقٌ لِّمَا مَعَهُمْ ۙ— وَكَانُوْا مِنْ قَبْلُ یَسْتَفْتِحُوْنَ عَلَی الَّذِیْنَ كَفَرُوْا ۚ— فَلَمَّا جَآءَهُمْ مَّا عَرَفُوْا كَفَرُوْا بِهٖ ؗ— فَلَعْنَةُ اللّٰهِ عَلَی الْكٰفِرِیْنَ ۟

যেতিয়া সিহঁতৰ ওচৰত আল্লাহৰ তৰফৰ পৰা কোৰআন আহিল, যিটো সাধাৰণ নিয়ম-নীতি আৰু বিধানত তাওৰাত তথা ইঞ্জীলৰ দৰেই। আৰু সিহঁতে কোৰআন অৱতীৰ্ণ হোৱাৰ আগত কৈছিলঃ অনতিপলমে আমি মুশ্বৰিকসকলক পৰাজয় কৰিম যেতিয়া আমাৰ ওচৰত এজন নবী আহিব, আমি তেওঁৰ প্ৰতি ঈমান পোষণ কৰিম আৰু তেওঁৰ অনুসৰণ কৰিম। কিন্তু যেতিয়া কোৰআন আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আহিল সেইসমূহ বৈশিষ্ট্যৰ সৈতে যিবোৰ বৈশিষ্ট্য সম্পৰ্কে সিহঁতে ভালকৈয়ে অৱগত আছিল লগতে সেই সত্য উপস্থাপন কৰা হল যি সত্যক সিহঁতে ভালকৈয়ে জানিছিল; তথাপিও সিহঁতে অস্বীকাৰ কৰিলে। এনেকুৱা কাফিৰৰ প্ৰতি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অভিসম্পাত। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• اليهود أعظم الناس حسدًا؛ إذ حملهم حسدهم على الكفر بالله وردِّ ما أنزل، بسبب أن الرسول صلى الله عليه وسلم لم يكن منهم.
ইয়াহুদীসকল হৈছে পৃথিৱীৰ আটাইতকৈ বেছি ঈৰ্ষা পোষণকাৰী সম্প্ৰদায়। কিয়নো সিহঁতৰ ঈৰ্ষাই সিহঁতক কেৱল এই কাৰণে আল্লাহৰ কুফৰী আৰু তেওঁ অৱতীৰ্ণ কৰা পুথি কোৰআনক অস্বীকাৰ কৰিবলৈ উদ্বুদ্ধ কৰে যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম সিহঁতৰ সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত নহয়। info

• أن الإيمان الحق بالله تعالى يوجب التصديق بكل ما أَنزل من كتب، وبجميع ما أَرسل من رسل.
আল্লাহৰ প্ৰতি প্ৰকৃত ঈমানৰ দাবী এই যে, তেওঁ অৱতীৰ্ণ কৰা সকলো পুথি আৰু তেওঁ প্ৰেৰণ কৰা সকলো ৰাছুলক সত্য বুলি স্বীকাৰ কৰা। info

• من أعظم الظلم الإعراض عن الحق والهدى بعد معرفته وقيام الأدلة عليه.
সত্য তথা হিদায়ত জনাৰ পাছত তাৰ ওপৰত দলীল প্ৰতিষ্ঠা হোৱাৰ পিছতো তাৰ পৰা মুখ ঘূৰাই লোৱাটো ঘোৰ অন্যায়। info

• من عادة اليهود نقض العهود والمواثيق، وهذا ديدنهم إلى اليوم.
প্ৰতিশ্ৰুতি ও অঙ্গীকাৰ ভঙ্গ কৰা ইয়াহুদীসকলৰ স্বভাৱ। আজিও এইটোৱে সিহঁতৰ নীতি। info