የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
59 : 2

فَبَدَّلَ الَّذِیْنَ ظَلَمُوْا قَوْلًا غَیْرَ الَّذِیْ قِیْلَ لَهُمْ فَاَنْزَلْنَا عَلَی الَّذِیْنَ ظَلَمُوْا رِجْزًا مِّنَ السَّمَآءِ بِمَا كَانُوْا یَفْسُقُوْنَ ۟۠

কিন্তু অন্যায়কাৰী বিলাকে কথা আৰু কৰ্ম দুয়োটা পৰিবৰ্তন কৰিলে। আৰু নিজৰ নিতম্ব চোঁচোৰাই প্ৰৱেশ কৰিলে আৰু আল্লাহৰ আদেশ উপলুঙা কৰি এই বাক্য দোহাৰিলে, হাব্বাতুন ফি শ্বাৰাতিন। ফলত আল্লাহে সেইসকল অন্যায়কাৰীৰ ওপৰত চৰীয়তৰ সীমালংঘন আৰু আদেশ অৱহেলা কৰাৰ কাৰণে আকাশৰ পৰা শাস্তি অৱতীৰ্ণ কৰিলে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• كل من يتلاعب بنصوص الشرع ويحرّفها فيه شَبَهٌ من اليهود، وهو مُتوعَّد بعقوبة الله تعالى.
প্ৰত্যেক সেই ব্যক্তি যিয়ে চৰীয়তৰ বিধানৰ লগত ধেমালি কৰে আৰু তাক বিকৃত কৰে সি হৈছে ইয়াহুদীসকলৰ দৰে। আৰু সি আল্লাহৰ শাস্তিৰ অন্তৰ্ভুক্ত। info

• عِظَمُ فضل الله تعالى على بني إسرائيل، وفي مقابل ذلك شدة جحودهم وعنادهم وإعراضهم عن الله وشرعه.
বনী ইছৰাইলৰ ওপৰত আল্লাহৰ অসীম অনুগ্ৰহ পক্ষান্তৰে সিহঁতৰ ইয়াৰ পৰিবৰ্তে অস্বীকাৰ, অবাধ্যতা তথা আল্লাহ আৰু তেওঁৰ বিধানৰ পৰা বিমুখতা। info

• أن من شؤم المعاصي وتجاوز حدود الله تعالى ما ينزل بالمرء من الذل والهوان، وتسلط الأعداء عليه.
গুনাহ তথা আল্লাহৰ সীমালংঘনৰ ফলত মানুহৰ ওপৰত অপমান আৰু তিৰস্কাৰ জাপি দিয়া হয়। আৰু সিহঁতৰ ওপৰত শত্ৰুসকলৰ আধিপত্য বিস্তাৰ হয়। info