የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
273 : 2

لِلْفُقَرَآءِ الَّذِیْنَ اُحْصِرُوْا فِیْ سَبِیْلِ اللّٰهِ لَا یَسْتَطِیْعُوْنَ ضَرْبًا فِی الْاَرْضِ ؗ— یَحْسَبُهُمُ الْجَاهِلُ اَغْنِیَآءَ مِنَ التَّعَفُّفِ ۚ— تَعْرِفُهُمْ بِسِیْمٰىهُمْ ۚ— لَا یَسْـَٔلُوْنَ النَّاسَ اِلْحَافًا ؕ— وَمَا تُنْفِقُوْا مِنْ خَیْرٍ فَاِنَّ اللّٰهَ بِهٖ عَلِیْمٌ ۟۠

দান সেইসকল দুখীয়াক কৰা, যিসকলে আল্লাহৰ পথত যুদ্ধৰ কাৰণে জীৱিকা উপাৰ্জনৰ বাবে যাত্ৰা কৰিব নোৱাৰে। সিহঁতৰ অৱস্থা সম্পৰ্কে অজানা ব্যক্তিয়ে সিহঁতক ধনী বুলি ভাৱে, কাৰণ সিহঁতে মানুহৰ ওচৰত মাগি নুফুৰে। আনহাতে জনা ব্যক্তিয়ে সিহঁতৰ লক্ষণ দেখিয়ে চিনি পায়, কিয়নো সিহঁতৰ শৰীৰ আৰু পৰিধানত অভাৱৰ চিহ্ন প্ৰকাশ পায়। সিহঁতৰ আৰু এটা চিহ্ন এই যে, সিহঁতে আন আন মগনীয়াৰ দৰে হেচাঁ মাৰি ধৰি মাগি নুফুৰে। এতেকে তোমালোকে যি ব্যয় কৰা নিশ্চয় আল্লাহ সেই সম্পৰ্কে সম্যক অৱগত। আৰু তোমালোকক ইয়াৰ উত্তম প্ৰতিদান দিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• إذا أخلص المؤمن في نفقاته وصدقاته فلا حرج عليه في إظهارها وإخفائها بحسب المصلحة، وإن كان الإخفاء أعظم أجرًا وثوابًا لأنها أقرب للإخلاص.
মুমিন ব্যক্তিয়ে যদি নিষ্ঠাৰ সৈতে দান কৰে বা ব্যয় কৰে তেন্তে পৰিস্থিতি অনুসাৰে গোপন কৰা বা প্ৰকাশ কৰাত কোনো অসুবিধা নাই। যদিও গোপনে দান কৰা উত্তম। কিয়নো গোপনে দান কৰা ইখলাচৰ অধিক নিকটৱৰ্তী। info

• دعوة المؤمنين إلى الالتفات والعناية بالمحتاجين الذين تمنعهم العفة من إظهار حالهم وسؤال الناس.
ইয়াত মুমিনসকলক আহ্বান কৰা হৈছে যে, তেওঁলোকে সেইসকল অভাৱী দুখীয়া নিচলাৰ প্ৰতি মনোযোগ দিয়া উচিত, যিসকলে নিজৰ সন্মানৰ কাৰণে মানুহৰ সন্মুখত নিজৰ স্থিতি প্ৰকাশ নকৰে আৰু মানুহৰ ওচৰত মাগি নুফুৰে। info

• مشروعية الإنفاق في سبيل الله تعالى في كل وقت وحين، وعظم ثوابها، حيث وعد تعالى عليها بعظيم الأجر في الدنيا والآخرة.
ইয়াৰ দ্বাৰা বুজা গল, সদায় আল্লাহৰ পথত ব্যয় কৰিব লাগে, আৰু ইয়াৰ ছোৱাবও অধিক। কিয়নো আল্লাহে প্ৰতিশ্ৰুতি দিছে যে, তেওঁ এই পৃথিৱীত আৰু আখিৰাততো ইয়াৰ মহা প্ৰতিদান দিব। info