የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
234 : 2

وَالَّذِیْنَ یُتَوَفَّوْنَ مِنْكُمْ وَیَذَرُوْنَ اَزْوَاجًا یَّتَرَبَّصْنَ بِاَنْفُسِهِنَّ اَرْبَعَةَ اَشْهُرٍ وَّعَشْرًا ۚ— فَاِذَا بَلَغْنَ اَجَلَهُنَّ فَلَا جُنَاحَ عَلَیْكُمْ فِیْمَا فَعَلْنَ فِیْۤ اَنْفُسِهِنَّ بِالْمَعْرُوْفِ ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ خَبِیْرٌ ۟

যিসকলে স্ত্ৰী থৈ মৃত্যুবৰণ কৰে, আৰু স্ত্ৰী যদি গৰ্ভ অৱস্থাত নাথাকে তেন্তে এনেকুৱা স্ত্ৰীয়ে অনিবাৰ্যৰূপে চাৰি মাহ দহ দিন ইদ্দত পালন কৰিব লাগিব। এই সময়ছোৱাত তাই স্বামীৰ ঘৰৰ পৰা ওলাব নোৱাৰিব আৰু সৌন্দৰ্যময় বস্তু ব্যৱহাৰ নকৰিব লগতে বিবাহো কৰিব নোৱাৰিব। হে অভিভাৱকসকল! এই সময়ছোৱা শেষ হোৱাৰ পিছত সিহঁতৰ ওপৰত যিবোৰ কৰ্ম নিষেধ আছিল সেয়া কৰিলে তোমালোকৰ কোনো গুনাহ নহয়। কিন্তু উক্ত কৰ্মবোৰ চৰীয়ত তথা সমাজৰ দৃষ্টিত ভাল কৰ্ম বুলি বিবেচিত হব লাগিব। নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত, তেওঁৰ পৰা কোনো বস্তু গোপন নহয়। আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• مشروعية العِدة على من توفي عنها زوجها بأن تمتنع عن الزينة والزواج مدة أربعة أشهر وعشرة أيام.
স্বামী মৃত্যুবৰণ কৰা নাৰীয়ে চাৰি মাহ দহ দিন ইদ্দত পালন কৰিব লাগিব। এই সময়ছোৱাত সেই নাৰীয়ে সৌন্দৰ্যৰ বস্তু আৰু বিবাহৰ পৰা নিজকে দূৰৈত ৰাখিব। info

• معرفة المؤمن باطلاع الله عليه تَحْمِلُه على الحذر منه تعالى والوقوف عند حدوده.
মুমিনসকলে বিশ্বাস কৰে যে আল্লাহে সিহঁতৰ সকলো কৰ্ম সম্পৰ্কে অৱগত, তেওঁলোকৰ এই বিশ্বাসে তেওঁলোকক আল্লাহৰ ভয় আৰু তেওঁৰ সীমাৰেখা অতিক্ৰম কৰিবলৈ প্ৰতিৰোধ কৰে। info

• الحث على المعاملة بالمعروف بين الأزواج والأقارب، وأن يكون العفو والمسامحة أساس تعاملهم فيما بينهم.
স্বামী স্ত্ৰী আৰু আত্মীয় স্বজনৰ মাজত সদ্ব্যৱহাৰ কৰিবলৈ উদ্বুদ্ধ কৰিছে। লগতে ক্ষমা আৰু মাৰ্জনা সিহঁতৰ পৰস্পৰ ব্যৱহাৰৰ মূল হোৱা উচিত। info