የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
115 : 2

وَلِلّٰهِ الْمَشْرِقُ وَالْمَغْرِبُ ۗ— فَاَیْنَمَا تُوَلُّوْا فَثَمَّ وَجْهُ اللّٰهِ ؕ— اِنَّ اللّٰهَ وَاسِعٌ عَلِیْمٌ ۟

পূৱ, পশ্চিম আৰু এই দুয়োৰ মাজত থকা ৰাজত্ব কেৱল আল্লাহৰেই। তেওঁ বান্দাসকলক যি ইচ্ছা কৰে সেইটোৰে আদেশ দিয়ে। তোমালোকে যিফালেই মুখ কৰিবা সেই ফালেই আল্লাহক পাবা। এতেকে যদি তোমালোকক বাইতুল মাক্বদিছ অথবা কাবাৰ পিনে মুখ কৰিবলৈ আদেশ দিয়ে নাইবা কিবলাৰ ফালে মুখ কৰাত ত্ৰুটি হয় বা কিবলাৰ ফালে মুখ কৰা সম্ভৱ নহয় তেন্তে চিন্তাৰ কোনো কাৰণ নাই, কিয়নো সকলো দিশ আল্লাহৰেই। নিশ্চয় আল্লাহ সৰ্বব্যাপী। তেওঁৰ কৃপা আৰু কৰুণা সকলো সৃষ্টিৰ ওপৰত প্ৰসাৰিত। লগতে তেওঁ মানুহৰ সংকল্প আৰু কৰ্ম সম্পৰ্কে সম্যক অৱগত। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الكفر ملة واحدة وإن اختلفت أجناس أهله وأماكنهم، فهم يتشابهون في كفرهم وقولهم على الله بغير علم.
কুফৰৰ এটাই ধৰ্ম। ইয়াৰ অনুসাৰীসকলৰ কেৱল দল আৰু স্থান বেলেগ বেলেগ। কিন্তু কুফৰৰ ক্ষেত্ৰত আৰু আল্লাহৰ প্ৰতি জ্ঞান নোহোৱাকৈ কথা কোৱাৰ ক্ষেত্ৰত সিহঁত সমান। info

• أعظم الناس جُرْمًا وأشدهم إثمًا من يصد عن سبيل الله، ويمنع من أراد فعل الخير.
আটাইতকৈ ডাঙৰ অপৰাধী আৰু পাপিষ্ঠ সেইজন ব্যক্তি যিয়ে মানুহক আল্লাহৰ পথৰ পৰা বিৰত ৰাখে আৰু সত্কৰ্মত বাধা দিয়ে। info

• تنزّه الله تعالى عن الصاحبة والولد، فهو سبحانه لا يحتاج لخلقه.
আল্লাহ তাআলা স্ত্ৰী আৰু সন্তানৰ পৰা পৱিত্ৰ। তেওঁৰ পৱিত্ৰ সত্ত্বা সৃষ্টিৰ মুখাপেক্ষী নহয়। info