የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
21 : 19

قَالَ كَذٰلِكِ ۚ— قَالَ رَبُّكِ هُوَ عَلَیَّ هَیِّنٌ ۚ— وَلِنَجْعَلَهٗۤ اٰیَةً لِّلنَّاسِ وَرَحْمَةً مِّنَّا ۚ— وَكَانَ اَمْرًا مَّقْضِیًّا ۟

জিব্ৰীলে তেওঁক ক'লেঃ হয়, আপুনি কোৱা কথাষাৰেই ঠিক, আপোনাক স্বামীয়েও স্পৰ্শ কৰা নাই তথা আন কোনো পুৰুষৰো সংস্পৰ্শত আপুনি অহা নাই, আৰু আপুনি কোনো ব্যভিচাৰিণীও নহয়। কিন্তু আপোনাৰ পৱিত্ৰ প্ৰতিপালকে কৈছে, পিতৃ নোহোৱাকৈ সন্তান সৃষ্টি কৰা মোৰ পক্ষে তেনেই সহজ। আৰু আপোনাক প্ৰদান কৰা এই সন্তান মানুহৰ বাবে আল্লাহৰ ক্ষমতাৰ প্ৰতীক হ'ব, তথা আমাৰ ফালৰ পৰা আপোনাৰ বাবে আৰু মুমিনসকলৰ বাবে হ'ব ৰহমত। দৰাচলতে আপোনাৰ এই সন্তানৰ সৃষ্টিটো হৈছে আল্লাহৰ পূৰ্বনিৰ্ধাৰিত এটা সিদ্ধান্ত, যিটো লওহে মাহফুজত লিপিবদ্ধ আছে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الصبر على القيام بالتكاليف الشرعية مطلوب.
চৰীয়তি দায়িত্ব পালন কৰিবলৈ ধৈৰ্য্য ধাৰণ কৰা অতি আৱশ্যক। info

• علو منزلة بر الوالدين ومكانتها عند الله، فالله قرنه بشكره.
পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰাৰ মৰ্যাদা আল্লাহৰ ওচৰত অধিক, সেইকাৰণেই আল্লাহে ইয়াক তেওঁ কৃতজ্ঞতাৰ সৈতে স্থান দিছে। info

• مع كمال قدرة الله في آياته الباهرة التي أظهرها لمريم، إلا أنه جعلها تعمل بالأسباب ليصلها ثمرة النخلة.
আল্লাহে মৰিয়ম আলাইহাচ্ছালাম সম্পৰ্কে যদিও কিছুমান আশ্চৰ্যজনক নিদৰ্শন দেখুৱাই নিজৰ শক্তি সামৰ্থ প্ৰদৰ্শন কৰিছে, কিন্তু ইয়াৰ পিচতো তেওঁ মৰিয়মক ফল খোৱাবলৈ সাংসাৰিক মাধ্যম প্ৰয়োগ কৰিছে। info