የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
8 : 17

عَسٰی رَبُّكُمْ اَنْ یَّرْحَمَكُمْ ۚ— وَاِنْ عُدْتُّمْ عُدْنَا ۘ— وَجَعَلْنَا جَهَنَّمَ لِلْكٰفِرِیْنَ حَصِیْرًا ۟

হে বনী ইছৰাঈল! যদি তোমালোকে তাওবা কৰা আৰু সৎকৰ্ম কৰা তেন্তে সম্ভৱতঃ তোমালোকৰ প্ৰতিপালকে এই কঠিন প্ৰতিশোধৰ পিছতো তোমালোকৰ প্ৰতি দয়া কৰিব পাৰে। ইয়াৰ পিছতো যদি তোমালোকে বিপৰ্যয় সৃষ্টি কৰিব বিচৰা তেন্তে আমিও প্ৰতিশোধ গ্ৰহণ কৰিম। আৰু জাহান্নামক আল্লাহৰ লগত কুফৰী কৰা ব্যক্তিসকলৰ বাবে বিছনা বনাই দিম, যি ঠাইৰ পৰা সিহঁতে কেতিয়াও মুক্তি নাপাব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• من اهتدى بهدي القرآن كان أكمل الناس وأقومهم وأهداهم في جميع أموره.
যিয়ে কোৰআনৰ হিদায়ত অৱলম্বন কৰিছে, তেওঁ সকলো ক্ষেত্ৰতে আটাইতকৈ পৰিপক্ক, সঠিক তথা হিদায়তপ্ৰাপ্ত। info

• التحذير من الدعوة على النفس والأولاد بالشر.
নিজৰ প্ৰতি তথা সন্তান-সন্ততিৰ প্ৰতি বদ্দুআৰ পৰা সতৰ্ক কৰা হৈছে। info

• اختلاف الليل والنهار بالزيادة والنقص وتعاقبهما، وضوء النهار وظلمة الليل، كل ذلك دليل على وحدانية الله ووجوده وكمال علمه وقدرته.
দিন-ৰাতি সৰু ডাঙৰ হোৱা, এটাই আনটোৰ পিছত অহা, দিন আলোকময় আৰু ৰাতি অন্ধকাৰ, এই সকলোবোৰ আল্লাহৰ একত্ববাদৰ প্ৰমাণ তথা তেওঁৰ অস্তিত্ব আৰু পৰিপূৰ্ণ জ্ঞান আৰু ক্ষমতাৰ প্ৰতীক। info

• تقرر الآيات مبدأ المسؤولية الشخصية، عدلًا من الله ورحمة بعباده.
এইটো আল্লাহৰ ন্যায় আৰু তেওঁৰ বান্দাসকলৰ প্ৰতি কৃপা যে, তেওঁ এই আয়াতবোৰৰ জৰিয়তে ব্যক্তিগত দায়িত্বৰ সুত্ৰ স্থাপন কৰিছে। info