የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
61 : 17

وَاِذْ قُلْنَا لِلْمَلٰٓىِٕكَةِ اسْجُدُوْا لِاٰدَمَ فَسَجَدُوْۤا اِلَّاۤ اِبْلِیْسَ ؕ— قَالَ ءَاَسْجُدُ لِمَنْ خَلَقْتَ طِیْنًا ۟ۚ

হে ৰাছুল! আপুনি সেই সময়ক স্মৰণ কৰক, যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলোঃ আদমৰ সন্মুখত ছালামী ছাজদাহ কৰা, এই ছাজদাহ ইবাদতৰ ছাজদাহ নহয়। এতেকে এই আদেশ পালন কৰি সকলোৱে ছাজদাহ কৰিলে, কিন্তু ইবলিছে অহংকাৰ কৰি ছাজদাহ নকৰিলে আৰু ক'লেঃ মই এনেকুৱা এজনক ছাজদাহ কৰিম নেকি যাক তুমি মাটিৰে সৃষ্টি কৰিছা; অথচ মই জুই শিখাৰে সৃষ্ট? নিশ্চয় মই ইয়াতকৈ উত্তম। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• من رحمة الله بالناس عدم إنزاله الآيات التي يطلبها المكذبون حتى لا يعاجلهم بالعقاب إذا كذبوا بها.
মানুহৰ প্ৰতি আল্লাহৰ অশেষ দয়াৰ কাৰণেই তেওঁ সিহঁতৰ দাবী অনুযায়ী নিদৰ্শন অৱতীৰ্ণ কৰা নাই, কাৰণ সিহঁতে সেই নিদৰ্শন অস্বীকাৰ কৰিলে দ্ৰুত শাস্তিৰ সন্মুখীন হ'ব। info

• ابتلى الله العباد بالشيطان الداعي لهم إلى معصية الله بأقواله وأفعاله.
আল্লাহে চয়তানৰ দ্বাৰা তেওঁৰ বান্দাসকলক পৰীক্ষাত পেলাইছে, চয়তানে নিজৰ কথা আৰু কৰ্মৰ জৰিয়তে সিহঁতক গুনাহৰ ফালে আহ্বান কৰে। info

• من صور مشاركة الشيطان للإنسان في الأموال والأولاد: ترك التسمية عند الطعام والشراب والجماع، وعدم تأديب الأولاد.
সন্তান-সন্ততি আৰু ধন-সম্পত্তিৰ ক্ষেত্ৰত চয়তান মানুহৰ অংশীদাৰ হোৱাৰ কেইটামান প্ৰকাৰ হৈছে এনে ধৰণৰঃ পানাহাৰ তথা সম্ভোগৰ সময়ত বিছমিল্লাহ নোকোৱা, তথা ল’ৰা ছোৱালীক শিষ্টাচাৰা নিশিকোৱা। info