የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
12 : 17

وَجَعَلْنَا الَّیْلَ وَالنَّهَارَ اٰیَتَیْنِ فَمَحَوْنَاۤ اٰیَةَ الَّیْلِ وَجَعَلْنَاۤ اٰیَةَ النَّهَارِ مُبْصِرَةً لِّتَبْتَغُوْا فَضْلًا مِّنْ رَّبِّكُمْ وَلِتَعْلَمُوْا عَدَدَ السِّنِیْنَ وَالْحِسَابَ ؕ— وَكُلَّ شَیْءٍ فَصَّلْنٰهُ تَفْصِیْلًا ۟

আমি ৰাতি আৰু দিনক আল্লাহৰ ক্ষমতা আৰু একত্বৰ দুটা প্ৰতীক হিচাপে সৃষ্টি কৰিছোঁ। কেতিয়াবা ডাঙৰ হয় আৰু কেতিয়াবা সৰু, আকৌ কেতিয়াবা গৰম থাকে আকৌ কেতিয়াবা শীত। আমি ৰাতিক অন্ধকাৰ বনাইছোঁ বিশ্ৰাম আৰু টোপনিৰ বাবে। আৰু দিনক বনাইছোঁ আলোকময়, যাতে তোমালোকে আল্লাহে নিৰ্ধাৰণ কৰা জীৱিকা সন্ধান কৰিব পাৰা। লগতে এই দুটাৰ আৱৰ্তনৰ দ্বাৰা তোমালোকে যাতে বছৰ গণনা কৰিব পাৰা, লগতে তোমালোকৰ প্ৰয়োজনীয় হিচাপ যেনে- ঘন্টা, দিন আৰু মাহৰ হিচাপ আদিও ৰাখিব পাৰা। আমি প্ৰতিটো বিষয় স্পষ্টভাৱে বৰ্ণনা কৰিছোঁ, যাতে বস্তুবোৰ পাৰ্থক্য কৰিব পৰা যায় আৰু সত্য যাতে অসত্যৰ পৰা স্পষ্ট হয়।
info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• من اهتدى بهدي القرآن كان أكمل الناس وأقومهم وأهداهم في جميع أموره.
যিয়ে কোৰআনৰ হিদায়ত অৱলম্বন কৰিছে, তেওঁ সকলো ক্ষেত্ৰতে আটাইতকৈ পৰিপক্ক, সঠিক তথা হিদায়তপ্ৰাপ্ত। info

• التحذير من الدعوة على النفس والأولاد بالشر.
নিজৰ প্ৰতি তথা সন্তান-সন্ততিৰ প্ৰতি বদ্দুআৰ পৰা সতৰ্ক কৰা হৈছে। info

• اختلاف الليل والنهار بالزيادة والنقص وتعاقبهما، وضوء النهار وظلمة الليل، كل ذلك دليل على وحدانية الله ووجوده وكمال علمه وقدرته.
দিন-ৰাতি সৰু ডাঙৰ হোৱা, এটাই আনটোৰ পিছত অহা, দিন আলোকময় আৰু ৰাতি অন্ধকাৰ, এই সকলোবোৰ আল্লাহৰ একত্ববাদৰ প্ৰমাণ তথা তেওঁৰ অস্তিত্ব আৰু পৰিপূৰ্ণ জ্ঞান আৰু ক্ষমতাৰ প্ৰতীক। info

• تقرر الآيات مبدأ المسؤولية الشخصية، عدلًا من الله ورحمة بعباده.
এইটো আল্লাহৰ ন্যায় আৰু তেওঁৰ বান্দাসকলৰ প্ৰতি কৃপা যে, তেওঁ এই আয়াতবোৰৰ জৰিয়তে ব্যক্তিগত দায়িত্বৰ সুত্ৰ স্থাপন কৰিছে। info