የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
32 : 13

وَلَقَدِ اسْتُهْزِئَ بِرُسُلٍ مِّنْ قَبْلِكَ فَاَمْلَیْتُ لِلَّذِیْنَ كَفَرُوْا ثُمَّ اَخَذْتُهُمْ ۫— فَكَیْفَ كَانَ عِقَابِ ۟

আপুনিয়ে প্ৰথম ৰাছুল নহয়, যাক অস্বীকাৰ কৰা হৈছে তথা যাক উপহাস কৰা হৈছে। হে ৰাছুল! আপোনাৰ পূৰ্বেও বহুতো সম্প্ৰদায়ে নিজ নিজ ৰাছুলক অস্বীকাৰ কৰিছে তথা তেওঁলোকক উপহাস কৰিছে। ফলত আমি কাফিৰসকলক অৱকাশ তথা ঢিল দিছিলো, আনকি সিহঁতে পতিয়ন গৈছিল যে, আমি সিহঁতক ধ্বংস নকৰিম। তাৰ পিছত আমি সিহঁতক বিভিন্ন শাস্তিত আক্ৰান্ত কৰিছিলো, সিহঁতক প্ৰদান কৰা মোৰ শাস্তি সম্পৰ্কে আপোনাৰ কেনেকুৱা লাগিল? নিশ্চয় সেয়া আছিল অত্যন্ত কঠিন শাস্তি। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أن الأصل في كل كتاب منزل أنه جاء للهداية، وليس لاستنزال الآيات، فذاك أمر لله تعالى يقدره متى شاء وكيف شاء.
প্ৰত্যেক ঐশী পুথিৰ মূল উদ্দেশ্য হৈছে যে, সেইবোৰ হিদায়তৰ বাবে আহিছে। নিদৰ্শন অৱতীৰ্ণৰ দাবী পূৰণৰ বাবে অহা নাই। নিদৰ্শন অৱতীৰ্ণৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত, তেওঁ যেতিয়া ইচ্ছা কৰে, যিদৰে ইচ্ছা কৰে প্ৰেৰণ কৰে। info

• تسلية الله تعالى للنبي صلى الله عليه وسلم، وإحاطته علمًا أن ما يسلكه معه المشركون من طرق التكذيب، واجهه أنبياء سابقون.
আল্লাহ তাআলাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সান্তনা প্ৰদান কৰিছে যে, মুশ্বৰিকসকলে তেওঁৰ লগত যি অস্বীকাৰ কৰাৰ পন্থা অৱলম্বন কৰিছে, সেয়া পূৰ্বৱৰ্তী নবীসকলেও সন্মুখীন হৈছিল। info

• يصل الشيطان في إضلال بعض العباد إلى أن يزين لهم ما يعملونه من المعاصي والإفساد.
চয়তানে কিছুমান মানুহক পথভ্ৰষ্ট কৰাৰ বাবে সিহঁতৰ গুনাহ আৰু কুকৰ্মক সিহঁতৰ দৃষ্টিত সৌন্দৰ্যময় কৰি দিয়ে। info