የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
79 : 12

قَالَ مَعَاذَ اللّٰهِ اَنْ نَّاْخُذَ اِلَّا مَنْ وَّجَدْنَا مَتَاعَنَا عِنْدَهٗۤ ۙ— اِنَّاۤ اِذًا لَّظٰلِمُوْنَ ۟۠

ইউছুফ আলাইহিছ ছালামে ক'লেঃ আমি যাৰ বস্তাত ৰজাৰ ওজন পাত্ৰ পাইছো, তাক বন্দী কৰাৰ পৰিবৰ্তে কোনো নিৰ্দোষীক অন্যায়কাৰীৰ শাস্তি প্ৰদান কৰাৰ পৰা আমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰো। যদি আমি এনেকুৱা কৰো তেন্তে অৱশ্যে আমি অন্যায়কাৰী সকলৰ অন্তৰ্ভুক্ত হৈ যাম, কাৰণ দোষীক এৰি, নিৰ্দোষীক শাস্তি প্ৰদান কৰা হ'ব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• لا يجوز أخذ بريء بجريرة غيره، فلا يؤخذ مكان المجرم شخص آخر.
কোনো নিৰপৰাধী ব্যক্তিক বেলেগৰ দোষত কৰায়ত্ব কৰা বৈধ নহয়। গতিকে অপৰাধী ব্যক্তিৰ পৰিবৰ্তে বেলেগ কাৰোবাক আটক কৰা ঠিক নহয়। info

• الصبر الجميل هو ما كانت فيه الشكوى لله تعالى وحده.
উত্তম ধৈৰ্য হৈছে সেইটো, য’ত আল্লাহৰ বাহিৰে আনৰ ওচৰত অভিযোগ দাঙি ধৰা নহয়। info

• على المؤمن أن يكون على تمام يقين بأن الله تعالى يفرج كربه.
মুমিন ব্যক্তিয়ে পূৰ্ণ বিশ্বাস পোষণ কৰা উচিত যে, আল্লাহে তাৰ বিপদ নিশ্চয় দূৰ কৰিব। info