የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
6 : 12

وَكَذٰلِكَ یَجْتَبِیْكَ رَبُّكَ وَیُعَلِّمُكَ مِنْ تَاْوِیْلِ الْاَحَادِیْثِ وَیُتِمُّ نِعْمَتَهٗ عَلَیْكَ وَعَلٰۤی اٰلِ یَعْقُوْبَ كَمَاۤ اَتَمَّهَا عَلٰۤی اَبَوَیْكَ مِنْ قَبْلُ اِبْرٰهِیْمَ وَاِسْحٰقَ ؕ— اِنَّ رَبَّكَ عَلِیْمٌ حَكِیْمٌ ۟۠

হে ইউছুফ! যিদৰে তুমি সপোন দেখিছা, সেইদৰেই তোমাৰ প্ৰতিপালকে তোমাক নিৰ্বাচিত কৰিব আৰু তোমাক সপোনৰ ব্যাখ্যা শিকাব। আৰু তোমাক নুবুওৱত প্ৰদান কৰি তোমাৰ ওপৰত তেওঁৰ নিয়ামত পৰিপূৰ্ণ কৰিব। যিদৰে তেওঁ তোমাৰ পূৰ্বে তোমাৰ পিতৃপুৰুষ ইব্ৰাহীম আৰু ইছহাকৰ ওপৰত অনুগ্ৰহ সম্পূৰ্ণ কৰিছিল। নিশ্চয় তোমাৰ প্ৰতিপালক সৃষ্টি সম্পৰ্কে সৰ্বজ্ঞ। আৰু পৰিচালনাত প্ৰজ্ঞাৱান। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• ثبوت الرؤيا شرعًا، وجواز تعبيرها.
চৰীয়তি দৃষ্টি সপোনৰ বাস্তৱিকতা, আৰু ইয়াৰ অৰ্থ বৰ্ণনা কৰাৰ বৈধতা। info

• مشروعية كتمان بعض الحقائق إن ترتب على إظهارها شيءٌ من الأذى.
কিছুমান সত্যতা গোপন কৰাৰ বৈধতা, যদি সেই সত্যতা প্ৰকাশ কৰিলে কোনো অপ্ৰিয় ঘটনা হোৱাৰ আশংকা হয়। info

• بيان فضل ذرية آل إبراهيم واصطفائهم على الناس بالنبوة.
ইব্ৰাহীম আলাইহিছ ছালামৰ সন্তানৰ শ্ৰেষ্ঠতাৰ বৰ্ণনা, লোকসকলৰ মাজৰ পৰা তেওঁলোকক নুবুওৱতৰ বাবে নিৰ্বাচিত কৰা হৈছে। info

• الميل إلى أحد الأبناء بالحب يورث العداوة والحسد بين الإِخوة.
নিৰ্দিষ্ট কোনো এজন সন্তানক বেছি মৰম কৰিলে, ই ভাতৃসকলৰ মাজত হিংসা, বিদ্বেষ আৰু শত্ৰুতাৰ কাৰণ হয়। info