የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
33 : 12

قَالَ رَبِّ السِّجْنُ اَحَبُّ اِلَیَّ مِمَّا یَدْعُوْنَنِیْۤ اِلَیْهِ ۚ— وَاِلَّا تَصْرِفْ عَنِّیْ كَیْدَهُنَّ اَصْبُ اِلَیْهِنَّ وَاَكُنْ مِّنَ الْجٰهِلِیْنَ ۟

ইউছুফ আলাইহিছ ছালামে নিজ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! সিহঁতে ধমকি দিয়া কাৰাগাৰেই মোৰ ওচৰত সেই নিকৃষ্ট কৰ্মতকৈ প্ৰিয়, যি কৰ্ম কৰিবলৈ এই নাৰীসকলে মোক আহ্বান কৰি আছে। যদি তুমি মোক ইহঁতৰ চক্ৰান্তৰ পৰা ৰক্ষা নকৰা তেন্তে মই এই চক্ৰান্তৰ বলি হ'ব পাৰো। এতেকে যদি মই ইহঁতৰ চক্ৰান্তৰ বলি হওঁ আৰু ইহঁতৰ কথা মানি লওঁ তেন্তে মই অৱশ্যে অজ্ঞানসকলৰ অন্তৰ্ভুক্ত হৈ যাম। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• بيان جمال يوسف عليه السلام الذي كان سبب افتتان النساء به.
ইউছুফ আলাইহিছ ছালামৰ সৌন্দৰ্যৰ বৰ্ণনা, যাৰ ফলত চহৰৰ নাৰীসকল তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিল। info

• إيثار يوسف عليه السلام السجن على معصية الله.
ইউছুফ আলাইহিছ ছালামে আল্লাহৰ অবাধ্যতাৰ বিপৰীতে কাৰাগাৰক প্ৰাধান্য দিয়াৰ বৰ্ণনা। info

• من تدبير الله ليوسف عليه السلام ولطفه به تعليمه تأويل الرؤى وجعلها سببًا لخروجه من بلاء السجن.
ইউছুফৰ প্ৰতি আল্লাহৰ বিশেষ সুবিধা প্ৰদান তথা কৃপা এই যে, তেওঁ ইউছুফক সপোনৰ ব্যাখ্যা শিকাইছিল, লগতে ইয়াক কাৰাগাৰৰ পৰা মুক্তিৰ উপায় বনাই দিছিল। info