የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
31 : 12

فَلَمَّا سَمِعَتْ بِمَكْرِهِنَّ اَرْسَلَتْ اِلَیْهِنَّ وَاَعْتَدَتْ لَهُنَّ مُتَّكَاً وَّاٰتَتْ كُلَّ وَاحِدَةٍ مِّنْهُنَّ سِكِّیْنًا وَّقَالَتِ اخْرُجْ عَلَیْهِنَّ ۚ— فَلَمَّا رَاَیْنَهٗۤ اَكْبَرْنَهٗ وَقَطَّعْنَ اَیْدِیَهُنَّ ؗ— وَقُلْنَ حَاشَ لِلّٰهِ مَا هٰذَا بَشَرًا ؕ— اِنْ هٰذَاۤ اِلَّا مَلَكٌ كَرِیْمٌ ۟

যেতিয়া আজিজৰ পত্নীৰ ওচৰত সেই মহিলাসকলৰ কটাক্ষ আৰু ভৰ্ৎসনাৰ কথা আহি পালে, তেতিয়া তাই সেই মহিলাসকলক মাতি পঠিয়ালে, যাতে সিহঁতে ইউছুফক নিজ চকুৰে চায় আৰু তাই যে বাধ্য সেই কথা বুজি পায়। তাই সিহঁতৰ বাবে বহাৰ সুযোগ কৰি দিলে, য'ত বিছনা আৰু গাৰু থৈ দিছিল। আৰু প্ৰত্যেককে ফলমূল কাটি খাবলৈ প্ৰদান কৰিলে একো একোটাকৈ ছুৰিকটাৰী, আৰু ইউছুফক ক'লেঃ এওঁলোকৰ সন্মুখলৈ ওলাই আহা। এতেকে তেওঁলোকে যেতিয়া ইউছুফক দেখিলে, বহুত প্ৰভাৱিত হ'ল। তেওঁৰ সৌন্দৰ্য দেখি তেওঁলোক কিংকৰ্তব্যবিমূঢ় হ'ল। তেওঁৰ সৌন্দৰ্যত প্ৰভাৱিত হৈ তেওঁলোকৰ এনেকৈ ত'ত নাইকীয়া হ'ল যে, ফলমূল কাটিবলৈ দিয়া ছুৰিকটাৰীৰে তেওঁলোকে নিজৰেই হাত কাটিলে, আৰু কৈ উঠিলঃ আল্লাহ পৱিত্ৰ! এই লৰা মানৱ নহয়। এনেকুৱা সৌন্দৰ্য মানুহৰ মাজত পৰিলক্ষিত হোৱা নাই। এওঁ হয়তো কোনোবা সন্মানিত ফিৰিস্তা। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• بيان جمال يوسف عليه السلام الذي كان سبب افتتان النساء به.
ইউছুফ আলাইহিছ ছালামৰ সৌন্দৰ্যৰ বৰ্ণনা, যাৰ ফলত চহৰৰ নাৰীসকল তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিল। info

• إيثار يوسف عليه السلام السجن على معصية الله.
ইউছুফ আলাইহিছ ছালামে আল্লাহৰ অবাধ্যতাৰ বিপৰীতে কাৰাগাৰক প্ৰাধান্য দিয়াৰ বৰ্ণনা। info

• من تدبير الله ليوسف عليه السلام ولطفه به تعليمه تأويل الرؤى وجعلها سببًا لخروجه من بلاء السجن.
ইউছুফৰ প্ৰতি আল্লাহৰ বিশেষ সুবিধা প্ৰদান তথা কৃপা এই যে, তেওঁ ইউছুফক সপোনৰ ব্যাখ্যা শিকাইছিল, লগতে ইয়াক কাৰাগাৰৰ পৰা মুক্তিৰ উপায় বনাই দিছিল। info