የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
25 : 12

وَاسْتَبَقَا الْبَابَ وَقَدَّتْ قَمِیْصَهٗ مِنْ دُبُرٍ وَّاَلْفَیَا سَیِّدَهَا لَدَا الْبَابِ ؕ— قَالَتْ مَا جَزَآءُ مَنْ اَرَادَ بِاَهْلِكَ سُوْٓءًا اِلَّاۤ اَنْ یُّسْجَنَ اَوْ عَذَابٌ اَلِیْمٌ ۟

দুয়ো দুৱাৰ পিনে দৌৰিলে, ইউছুফে নিজক ৰক্ষা কৰিবলৈ আৰু মহিলাজনীয়ে তেওঁক ওলাবলৈ বাধা দিয়াৰ বাবে। এনে পৰিপ্ৰেক্ষিতত মহিলাজনীয়ে ইউছুফক ওলাবলৈ বাধা দিয়াৰ কাৰণে তেওঁৰ চোলা পিছফালৰ পৰা টানি ধৰিলে, ফলত তেওঁৰ চোলা ছিঙি গ'ল। উভয়ে মহিলাজনীৰ স্বামীক দুৱাৰত দেখা পালে। আজিজৰ পত্নীয়ে লগে লগে প্ৰৱঞ্চনাৰ সুৰত তেওঁক অভিযোগ কৰি ক'লেঃ হে আজিজ! যি ব্যক্তিয়ে আপোনাৰ স্ত্ৰীৰ লগত বেয়া কৰ্ম কৰাৰ বাসনা পোষণ কৰে, তেনেকুৱা ব্যক্তিৰ শাস্তি হোৱা উচিত কাৰাগাৰ অথবা কষ্টদায়ক শাস্তি। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• قبح خيانة المحسن في أهله وماله، الأمر الذي ذكره يوسف من جملة أسباب رفض الفاحشة.
উপকাৰকাৰীৰ ধন-সম্পদ আৰু পৰিয়ালৰ লগত বিশ্বাসঘাতকতা কৰাটো হৈছে নিকৃষ্ট কাৰ্য। এই কথাষাৰকে ইউছুফে বেয়া প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি উল্লেখ কৰিছিল। info

• بيان عصمة الأنبياء وحفظ الله لهم من الوقوع في السوء والفحشاء.
নবীসকলৰ সন্মানৰ বৰ্ণনা। আল্লাহে তেওঁলোকক সকলো প্ৰকাৰ অসৎকৰ্মত পতিত হোৱাৰ পৰা সুৰক্ষা প্ৰদান কৰিছে। info

• وجوب دفع الفاحشة والهرب والتخلص منها.
অসৎকৰ্মক প্ৰতিৰোধ কৰা, তাৰ পৰা পলায়ন কৰা আৰু নিজকে সুৰক্ষিত কৰা অনিবাৰ্য। info

• مشروعية العمل بالقرائن في الأحكام.
বিধানৰ ক্ষেত্ৰত ইঙ্গিতৰ প্ৰতি আমল কৰাৰ প্ৰমাণ। info