የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
92 : 11

قَالَ یٰقَوْمِ اَرَهْطِیْۤ اَعَزُّ عَلَیْكُمْ مِّنَ اللّٰهِ ؕ— وَاتَّخَذْتُمُوْهُ وَرَآءَكُمْ ظِهْرِیًّا ؕ— اِنَّ رَبِّیْ بِمَا تَعْمَلُوْنَ مُحِیْطٌ ۟

তেতিয়া ছোআইব আলাইহিছ ছালামে তেওঁৰ সম্প্ৰদায়ক ক'লেঃ হে মোৰ জাতিৰ লোকসকল! তোমালোকৰ দৃষ্টিত মোৰ বংশধৰসকল, তোমালোকৰ প্ৰতিপালক আল্লাহতকৈও অধিক সন্মানিত তথা প্ৰভাৱশালী নেকি? তোমালোকে আল্লাহক অৱজ্ঞা কৰিছা, কাৰণ তোমালোকে তেওঁৰ নবীৰ প্ৰতি ঈমান পোষণ কৰা নাই, যি নবীক তোমালোকৰ প্ৰতি প্ৰেৰণ কৰা হৈছে। নিশ্চয় মোৰ প্ৰতিপালক তোমালোকৰ সকলো কৰ্ম পৰিবেষ্টন কৰি আছে। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিফল দিব পৃথিৱীত ধ্বংসৰ জৰিয়তে আৰু আখিৰাতত দিব শাস্তি প্ৰদানৰ দ্বাৰা। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• ذمّ الجهلة الذين لا يفقهون عن الأنبياء ما جاؤوا به من الآيات.
এনেকুৱা নিৰক্ষৰ তথা মুৰ্খ লোকসকলক নিন্দা কৰা হৈছে, যিহঁতে নবীসকলে লৈ অহা নিদৰ্শনক বুজিবলৈ যত্ন নকৰে। info

• ذمّ وتسفيه من اشتغل بأوامر الناس، وأعرض عن أوامر الله.
এনেকুৱা লোকৰো নিন্দা কৰা হৈছে, যিসকলে মানুহৰ কথা মানিবলৈ সদায় সচেতন থাকে কিন্তু আল্লাহৰ আদেশক অৱজ্ঞা কৰে। info

• بيان دور العشيرة في نصرة الدعوة والدعاة.
সত্কৰ্মৰ আহ্বান আৰু আহ্বানকাৰীৰ সহায়-সহযোগত পৰিয়ালৰ লোকসকলৰ ভূমিকাৰ বৰ্ণনা। info

• طرد المشركين من رحمة الله تعالى.
মুশ্বৰিকসকল আল্লাহৰ কৃপাৰ পৰা বিতাড়িত। info