የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
81 : 11

قَالُوْا یٰلُوْطُ اِنَّا رُسُلُ رَبِّكَ لَنْ یَّصِلُوْۤا اِلَیْكَ فَاَسْرِ بِاَهْلِكَ بِقِطْعٍ مِّنَ الَّیْلِ وَلَا یَلْتَفِتْ مِنْكُمْ اَحَدٌ اِلَّا امْرَاَتَكَ ؕ— اِنَّهٗ مُصِیْبُهَا مَاۤ اَصَابَهُمْ ؕ— اِنَّ مَوْعِدَهُمُ الصُّبْحُ ؕ— اَلَیْسَ الصُّبْحُ بِقَرِیْبٍ ۟

ফিৰিস্তাসকলে লূত আলাইহিছ ছালামক ক'লেঃ হে লূত! আমি হৈছোঁ দূত। আল্লাহে আমাক প্ৰেৰণ কৰিছে। এতেকে আপোনাৰ সম্প্ৰদায়ৰ লোকসকলে কেতিয়াও আপোনাক অনিষ্ট কৰাৰ উদ্দেশ্যত উপনীত হ'ব নোৱাৰে। এতেকে আপুনি ৰাতিৰ অন্ধকাৰত নিজ পৰিয়ালৰ সৈতে এই অঞ্চল ত্যাগ কৰক। আৰু মনত ৰাখিব, কোনেও যেন পিছফালে ঘূৰি নাচায়। কিন্তু আপোনাৰ স্ত্ৰী অবাধ্যতা কৰি পিছফালে ঘূৰি চাব। কাৰণ সিও এই শাস্তি ভোগ কৰিব যিটো আপোনাৰ সম্প্ৰদায়ে ভোগ কৰিব। নিশ্চয় সিহঁতৰ ধ্বংসৰ সময় হৈছে প্ৰাতঃকাল। যিটো অতি সন্নিকট। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• بيان فضل ومنزلة خليل الله إبراهيم عليه السلام، وأهل بيته.
আল্লাহৰ মিত্ৰ ইব্ৰাহীম আলাইহিছ ছালাম আৰু তেওঁৰ পৰিয়ালৰ শ্ৰেষ্ঠতা আৰু উচ্চ মৰ্যাদাৰ বৰ্ণনা। info

• مشروعية الجدال عمن يُرجى له الإيمان قبل الرفع إلى الحاكم.
যদি ঈমান পোষণ কৰাৰ কোনো আশা থাকে তেন্তে তাৰ বিষয়টো পদাধিকাৰীৰ ওচৰত যোৱাৰ আগতে সেই বিষয়ে আলোচনা কৰা বৈধ। info

• بيان فظاعة وقبح عمل قوم لوط.
লূত সম্প্ৰদায়ৰ কুকৰ্ম আৰু জঘন্য অপৰাধৰ বৰ্ণনা। info