የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
49 : 11

تِلْكَ مِنْ اَنْۢبَآءِ الْغَیْبِ نُوْحِیْهَاۤ اِلَیْكَ ۚ— مَا كُنْتَ تَعْلَمُهَاۤ اَنْتَ وَلَا قَوْمُكَ مِنْ قَبْلِ هٰذَا ۛؕ— فَاصْبِرْ ۛؕ— اِنَّ الْعَاقِبَةَ لِلْمُتَّقِیْنَ ۟۠

নূহ আলাইহিছ ছালামৰ এই ঘটনাৱলীসমূহ হৈছে গায়েবৰ অন্তৰ্ভুক্ত। হে ৰাছুল! এই অহীৰ পূৰ্বে আপুনি অথবা আপোনাৰ জাতিয়ে এই ঘটনা সম্পৰ্কে একোৱে জনা নাছিল। এতেকে আপুনি আপোনাৰ সম্প্ৰদায়ৰ ফালৰ পৰা পোৱা কষ্ট আৰু অস্বীকাৰ কৰা কাৰ্যত সেইদৰেই ধৈৰ্য ধাৰণ কৰক, যিদৰে নূহ আলাইহিছ ছালামে ধৈৰ্য ধাৰণ কৰিছিল। নিশ্চয় সহায় আৰু বিজয় কেৱল সেইসকল লোকৰ বাবে, যিসকলে আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• لا يملك الأنبياء الشفاعة لمن كفر بالله حتى لو كانوا أبناءهم.
কাফিৰসকলৰ হৈ মধ্যস্ততা কৰা নবীসকলৰো অধিকাৰ নাই, যদিও তেওঁলোকৰ পুত্ৰই নহওঁক কিয়। info

• عفة الداعية وتنزهه عما في أيدي الناس أقرب للقبول منه.
দাৱাতি কাৰ্যত নিযুক্ত ব্যক্তি যদি মানুহৰ সম্পদৰ লোভ নকৰে তেন্তে তেওঁৰ কথাৰ প্ৰভাৱ বেছি পৰে। info

• فضل الاستغفار والتوبة، وأنهما سبب إنزال المطر وزيادة الذرية والأموال.
ক্ষমা প্ৰাৰ্থনা আৰু তাওবাৰ ফজিলত। আৰু এই দুয়োটা বস্তু বৰষুণ আৰু সন্তান তথা সম্পদ বৃদ্ধিৰ অন্যতম কাৰণ। info