የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
46 : 11

قَالَ یٰنُوْحُ اِنَّهٗ لَیْسَ مِنْ اَهْلِكَ ۚ— اِنَّهٗ عَمَلٌ غَیْرُ صَالِحٍ ۗ— فَلَا تَسْـَٔلْنِ مَا لَیْسَ لَكَ بِهٖ عِلْمٌ ؕ— اِنِّیْۤ اَعِظُكَ اَنْ تَكُوْنَ مِنَ الْجٰهِلِیْنَ ۟

আল্লাহে নূহ আলাইহিছ ছালামক সম্বোধন কৰি ক'লেঃ হে নূহ! আপুনি আপোনাৰ যি পুত্ৰৰ বিষয়ে সহায় বিচাৰি প্ৰাৰ্থনা কৰি আছে, সি আপোনাৰ পৰিয়ালৰ সদস্যই নহয়, যিসকলক মই ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিলো। কাৰণ সি হৈছে কাফিৰ। আনহাতে হে নূহ! আপোনাৰ আবেদন উপযুক্ত আবেদন নহয়, আৰু আপোনাৰ মৰ্যাদাৰ বাবেও সমীচীন নহয়। এতেকে আপুনি মোৰ ওচৰত এনেকুৱা বিষয়ে আবেদন নকৰিব, যি বিষয়ে আপোনাৰ জ্ঞান নাই। মই আপোনাক সতৰ্ক কৰো, আপুনি যেন অজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ মোৰ ওচৰত মোৰ জ্ঞান আৰু হিকমতৰ বিপৰীত বস্তু আবেদন নকৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• لا يملك الأنبياء الشفاعة لمن كفر بالله حتى لو كانوا أبناءهم.
কাফিৰসকলৰ হৈ মধ্যস্ততা কৰা নবীসকলৰো অধিকাৰ নাই, যদিও তেওঁলোকৰ পুত্ৰই নহওঁক কিয়। info

• عفة الداعية وتنزهه عما في أيدي الناس أقرب للقبول منه.
দাৱাতি কাৰ্যত নিযুক্ত ব্যক্তি যদি মানুহৰ সম্পদৰ লোভ নকৰে তেন্তে তেওঁৰ কথাৰ প্ৰভাৱ বেছি পৰে। info

• فضل الاستغفار والتوبة، وأنهما سبب إنزال المطر وزيادة الذرية والأموال.
ক্ষমা প্ৰাৰ্থনা আৰু তাওবাৰ ফজিলত। আৰু এই দুয়োটা বস্তু বৰষুণ আৰু সন্তান তথা সম্পদ বৃদ্ধিৰ অন্যতম কাৰণ। info