የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
44 : 11

وَقِیْلَ یٰۤاَرْضُ ابْلَعِیْ مَآءَكِ وَیٰسَمَآءُ اَقْلِعِیْ وَغِیْضَ الْمَآءُ وَقُضِیَ الْاَمْرُ وَاسْتَوَتْ عَلَی الْجُوْدِیِّ وَقِیْلَ بُعْدًا لِّلْقَوْمِ الظّٰلِمِیْنَ ۟

তুফান শেষ হোৱাৰ পিছত আল্লাহে পৃথিৱীক আদেশ কৰি ক'লেঃ হে পৃথিৱী! তোমাৰ পৃষ্ঠত থকা পানীক শুহি লোৱা। আৰু আকাশক ক'লেঃ হে আকাশ! এতিয়া ক্ষেন্ত হোৱা, পানী বৰ্ষণ নকৰিবা। ফলত পানী কমিবলৈ ধৰিলে, অৱশেষ ভূপৃষ্ঠ শুকাই গল। এইদৰে আল্লাহে কাফিৰসকলক ধ্বংস কৰিলে। আৰু নাও গৈ জুদী পৰ্বতত অৱস্থান কৰিলে। লগতে কোৱা হ'লঃ ধ্বংস হওঁক সেইসকল লোক, যিসকলে কুফুৰী কৰ্মৰ জৰিয়তে আল্লাহৰ সীমালঙ্ঘন কৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• بيان عادة المشركين في الاستهزاء والسخرية بالأنبياء وأتباعهم.
মুশ্বৰিকসকলৰ স্বভাৱৰ বৰ্ণনা যে, সিহঁতে যুগে যুগে নবী আৰু তেওঁৰ অনুসাৰীসকলক বিদ্ৰুপ কৰি আহিছে। info

• بيان سُنَّة الله في الناس وهي أن أكثرهم لا يؤمنون.
মানুহৰ ক্ষেত্ৰত আল্লাহৰ সাধাৰণ নিয়মৰ বৰ্ণনা যে, সিহঁতৰ অধিকাংশই ঈমান পোষণ নকৰিব। info

• لا ملجأ من الله إلا إليه، ولا عاصم من أمره إلا هو سبحانه.
আল্লাহৰ বাহিৰে আন কোনো আশ্ৰয়স্থল নাই, আৰু তেওঁৰ আদেশ ব্যতীত কোনো ৰক্ষাকাৰীও নাই। info