የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
34 : 11

وَلَا یَنْفَعُكُمْ نُصْحِیْۤ اِنْ اَرَدْتُّ اَنْ اَنْصَحَ لَكُمْ اِنْ كَانَ اللّٰهُ یُرِیْدُ اَنْ یُّغْوِیَكُمْ ؕ— هُوَ رَبُّكُمْ ۫— وَاِلَیْهِ تُرْجَعُوْنَ ۟ؕ

মোৰ উপদেশ আৰু মোৰ সতৰ্ক বাণীয়ে তোমালোকক কোনো উপকাৰ নকৰিব, যদি আল্লাহেই তোমালোকক সঠিক পথৰ পৰা দূৰত ৰখাৰ আৰু তোমালোকৰ স্বৈৰাচাৰীতাৰ কাৰণে তোমালোকক হিদায়তৰ পৰা বিৰত ৰখাৰ মনস্থ কৰিছে। তেৱেঁই তোমালোকৰ প্ৰতিপালক। তোমালোকৰ সকলো কৰ্ম তেওঁৰেই অধীনস্থ। তেওঁ ইচ্ছা কৰিলে তোমালোকক বিপথে পৰিচালিত কৰিব পাৰে। কিয়ামতৰ দিনা কেৱল তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তন কৰিবা। তেতিয়া তেৱেঁই তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিফল দান কৰিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• عفة الداعية إلى الله وأنه يرجو منه الثواب وحده.
আল্লাহৰ প্ৰতি আহ্বান কৰা লোকসকলৰ অন্তৰৰ পৱিত্ৰতাৰ বৰ্ণনা, আৰু তেওঁলোকে ইয়াৰ প্ৰতিফল কেৱল আল্লাহৰ ওচৰতেই কামনা কৰে। info

• حرمة طرد فقراء المؤمنين، ووجوب إكرامهم واحترامهم.
দুখীয়া মুমিনসকলক হীন চকুৰে চোৱা হাৰাম, তথা তেওঁলোকক সন্মান কৰা অনিবাৰ্য। info

• استئثار الله تعالى وحده بعلم الغيب.
গায়েব অৰ্থাৎ অদৃশ্য বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতে সীমাবদ্ধ ৰাখিছে। info

• مشروعية جدال الكفار ومناظرتهم.
কাফিৰসকলৰ লগত তৰ্ক-বিতৰ্ক কৰা তথা বাদানুবাদ কৰা বৈধ। info