የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
29 : 11

وَیٰقَوْمِ لَاۤ اَسْـَٔلُكُمْ عَلَیْهِ مَالًا ؕ— اِنْ اَجْرِیَ اِلَّا عَلَی اللّٰهِ وَمَاۤ اَنَا بِطَارِدِ الَّذِیْنَ اٰمَنُوْا ؕ— اِنَّهُمْ مُّلٰقُوْا رَبِّهِمْ وَلٰكِنِّیْۤ اَرٰىكُمْ قَوْمًا تَجْهَلُوْنَ ۟

হে মোৰ সম্প্ৰদায়ৰ লোকসকল! এই বাৰ্তা পৌঁচাই দিবলৈ মই তোমালোকৰ পৰা কোনো পাৰিশ্ৰমিক নিবিচাৰো, মোক প্ৰতিফল দিয়াৰ দায়িত্ব কেৱল আল্লাহৰ ওচৰত। আনহাতে মই মোৰ বৈঠকৰ পৰা দৰিদ্ৰ লোকসকলকো বিৰত ৰাখিব নোৱাৰিম, যিসকলক বিৰত ৰাখিবলৈ তোমালোকে দাবী কৰি আছা। নিশ্চয় তেওঁলোকে ক্বিয়ামতৰ দিনা নিজ প্ৰতিপালকৰ লগত সাক্ষাৎ কৰিব আৰু তেওঁ তেওঁলোকক তেওঁলোকৰ ঈমানৰ প্ৰতিফল প্ৰদান কৰিব। কিন্তু মই যি দেখিছো তোমালোক দাৱাতৰ বাস্তৱিকতাৰ পৰা অনভিজ্ঞ, সেই কাৰণেই তোমালোকে দুৰ্বল মুমিনসকলক খেদি পঠিওৱাৰ দাবী কৰি আছা। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• عفة الداعية إلى الله وأنه يرجو منه الثواب وحده.
আল্লাহৰ প্ৰতি আহ্বান কৰা লোকসকলৰ অন্তৰৰ পৱিত্ৰতাৰ বৰ্ণনা, আৰু তেওঁলোকে ইয়াৰ প্ৰতিফল কেৱল আল্লাহৰ ওচৰতেই কামনা কৰে। info

• حرمة طرد فقراء المؤمنين، ووجوب إكرامهم واحترامهم.
দুখীয়া মুমিনসকলক হীন চকুৰে চোৱা হাৰাম, তথা তেওঁলোকক সন্মান কৰা অনিবাৰ্য। info

• استئثار الله تعالى وحده بعلم الغيب.
গায়েব অৰ্থাৎ অদৃশ্য বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতে সীমাবদ্ধ ৰাখিছে। info

• مشروعية جدال الكفار ومناظرتهم.
কাফিৰসকলৰ লগত তৰ্ক-বিতৰ্ক কৰা তথা বাদানুবাদ কৰা বৈধ। info