የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
27 : 11

فَقَالَ الْمَلَاُ الَّذِیْنَ كَفَرُوْا مِنْ قَوْمِهٖ مَا نَرٰىكَ اِلَّا بَشَرًا مِّثْلَنَا وَمَا نَرٰىكَ اتَّبَعَكَ اِلَّا الَّذِیْنَ هُمْ اَرَاذِلُنَا بَادِیَ الرَّاْیِ ۚ— وَمَا نَرٰی لَكُمْ عَلَیْنَا مِنْ فَضْلٍۢ بَلْ نَظُنُّكُمْ كٰذِبِیْنَ ۟

কিন্তু তেওঁৰ সম্প্ৰদায়ৰ গণ্যমান্য আৰু প্ৰমূখ কাফিৰ নেতাসকলে ক'লেঃ আমি তোমাৰ আহ্বান কেতিয়াও স্বীকাৰ নকৰো। কাৰণ তোমাৰ মাজত এনেকুৱা কোনো বৈশিষ্ট্য নাই যিটো আমাৰ মাজত নাই। তুমিও আমাৰ দৰেই এজন মানুহ। লগতে আমি লক্ষ্য কৰিছো, তোমাৰ অনুসৰণ কেৱল আমাৰ মাজৰ নিম্নবৰ্গৰ মানুহেই কৰে। এই কাৰণেও যে, তোমাৰ ওচৰত সেই সন্মান, ধন আৰু প্ৰতিষ্ঠা নাই, যাৰ ফলত আমি তোমাৰ অনুসৰণ কৰিম। বৰং আমি তোমাক তোমাৰ এই দাবীত মিছলীয়া বুলি ভাৱো। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الكافر لا ينتفع بسمعه وبصره انتفاعًا يقود للإيمان، فهما كالمُنْتَفِيَين عنه بخلاف المؤمن.
কাফিৰসকলে নিজৰ দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তিৰে ঈমানৰ পথ অনুসন্ধানত উপকৃত নহয়। এনেকুৱা লাগে যেনিবা এই দুটা শক্তি সিহঁতৰ ওচৰত নাই। পক্ষান্তৰে মুমিনসকলৰ বিষয়টো ইয়াৰ বিপৰীত। info

• سُنَّة الله في أتباع الرسل أنهم الفقراء والضعفاء لخلوِّهم من الكِبْر، وخُصُومهم الأشراف والرؤساء.
ৰাছুলসকলৰ অনুসৰণকাৰীসকলৰ ক্ষেত্ৰত আল্লাহৰ সাধাৰণ নিয়ম হৈছে এনেকুৱা যে, তেওঁলোক সচৰাচৰ দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীক লোক হয়। কাৰণ তেওঁলোকৰ মাজত অহংকাৰ তথা অভিমান নাথাকে। আনহাতে বিপৰীত শাৰীত অৱস্থান কৰে গণ্যমান্য আৰু প্ৰমূখ নেতাসকল। info

• تكبُّر الأشراف والرؤساء واحتقارهم لمن دونهم في غالب الأحيان.
সাধাৰণতে গণ্যমান্য আৰু প্ৰমূখসকলে সদায় নিজতকৈ নিম্ন শ্ৰেণীৰ লোকসকলক ঘৃণা কৰে। info