የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
20 : 11

اُولٰٓىِٕكَ لَمْ یَكُوْنُوْا مُعْجِزِیْنَ فِی الْاَرْضِ وَمَا كَانَ لَهُمْ مِّنْ دُوْنِ اللّٰهِ مِنْ اَوْلِیَآءَ ۘ— یُضٰعَفُ لَهُمُ الْعَذَابُ ؕ— مَا كَانُوْا یَسْتَطِیْعُوْنَ السَّمْعَ وَمَا كَانُوْا یُبْصِرُوْنَ ۟

আল্লাহৰ শাস্তি যেতিয়া অৱতীৰ্ণ হ'ব তেতিয়া এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকল কেতিয়াও তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম নহ'ব। আনকি তেতিয়া সিহঁতৰ এনেকুৱা কোনো বন্ধু তথা সহায়কো নাথাকিব, যিসকলে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব। ক্বিয়ামতৰ দিনা সিহঁতৰ শাস্তি বৃদ্ধি কৰা হ'ব, কাৰণ সিহঁতে নিজকে আৰু আনকো আল্লাহৰ পথৰ পৰা বিৰত ৰাখিছিল। পৃথিৱীত সিহঁতে সত্যক তথা হিদায়তক স্বীকাৰ বা গ্ৰহণ কৰাৰ উদ্দেশ্যে শুনা নাছিল, আনকি বিশ্বজগতত বিস্তৃত আল্লাহৰ নিদৰ্শনবোৰকো সিহঁতে উপকৃত হোৱাৰ উদ্দেশ্যে দেখা নাছিল। কাৰণ সিহঁতে সত্যৰ পৰা অতি কঠিনৰূপে বিমুখ হৈছিল। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الكافر لا ينتفع بسمعه وبصره انتفاعًا يقود للإيمان، فهما كالمُنْتَفِيَين عنه بخلاف المؤمن.
কাফিৰসকলে নিজৰ দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তিৰে ঈমানৰ পথ অনুসন্ধানত উপকৃত নহয়। এনেকুৱা লাগে যেনিবা এই দুটা শক্তি সিহঁতৰ ওচৰত নাই। পক্ষান্তৰে মুমিনসকলৰ বিষয়টো ইয়াৰ বিপৰীত। info

• سُنَّة الله في أتباع الرسل أنهم الفقراء والضعفاء لخلوِّهم من الكِبْر، وخُصُومهم الأشراف والرؤساء.
ৰাছুলসকলৰ অনুসৰণকাৰীসকলৰ ক্ষেত্ৰত আল্লাহৰ সাধাৰণ নিয়ম হৈছে এনেকুৱা যে, তেওঁলোক সচৰাচৰ দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীক লোক হয়। কাৰণ তেওঁলোকৰ মাজত অহংকাৰ তথা অভিমান নাথাকে। আনহাতে বিপৰীত শাৰীত অৱস্থান কৰে গণ্যমান্য আৰু প্ৰমূখ নেতাসকল। info

• تكبُّر الأشراف والرؤساء واحتقارهم لمن دونهم في غالب الأحيان.
সাধাৰণতে গণ্যমান্য আৰু প্ৰমূখসকলে সদায় নিজতকৈ নিম্ন শ্ৰেণীৰ লোকসকলক ঘৃণা কৰে। info