የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
81 : 10

فَلَمَّاۤ اَلْقَوْا قَالَ مُوْسٰی مَا جِئْتُمْ بِهِ ۙ— السِّحْرُ ؕ— اِنَّ اللّٰهَ سَیُبْطِلُهٗ ؕ— اِنَّ اللّٰهَ لَا یُصْلِحُ عَمَلَ الْمُفْسِدِیْنَ ۟

সিহঁতৰ ওচৰত যি নিক্ষেপ কৰিবলগীয়া আছিল, সিহঁতে যেতিয়া সেয়া নিক্ষেপ কৰিলে, তেতিয়া মূছা আলাইহিছ ছালামে সিহঁতক ক'লেঃ তোমালোকে যি দেখুৱাই আছা সেইটোহে যাদু। তোমালোকে যি দেখুৱাই আছা এইটোক আল্লাহে অৱশ্যে এনেকৈ বিনষ্ট কৰিব যে, ইয়াৰ কোনো চিহ্নও অৱশিষ্ট নাথাকিব। দৰাচলতে তোমালোকে যাদুৰ দ্বাৰা পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি আছা। অৱশ্যে আল্লাহে বিপৰ্যয় সৃষ্টিকাৰীৰ কৰ্ম সংশোধন নকৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الثقة بالله وبنصره والتوكل عليه ينبغي أن تكون من صفات المؤمن القوي.
আল্লাহৰ প্ৰতি আৰু তেওঁৰ সহায়ৰ প্ৰতি পূৰ্ণ বিশ্বাস পোষণ কৰা আৰু তেওঁৰ ওপৰত ভৰসা কৰাটো এজন পৰিপক্ক মুমিনৰ গুণ হোৱা উচিত। info

• بيان أهمية الدعاء، وأنه من صفات المتوكلين.
দুআৰ গুৰুত্বৰ বৰ্ণনা, আৰু এইটো আল্লাহৰ প্ৰতি ভৰসাকাৰীসকলৰ অন্যতম গুণ। info

• تأكيد أهمية الصلاة ووجوب إقامتها في كل الرسالات السماوية وفي كل الأحوال.
ছালাতৰ মহত্ব আৰু ইয়াক প্ৰতিষ্ঠা কৰা অনিবাৰ্য, ইয়াৰ প্ৰতি প্ৰত্যেক ঐশী ধৰ্মৰ নিৰ্দেশনাই গুৰুত্বাৰোপ কৰিছে, যিকোনো পৰিস্থিতিতেই নহওক কিয়। info

• مشروعية الدعاء على الظالم.
অত্যাচাৰী ব্যক্তিৰ ওপৰত বদ্দুআ কৰা বৈধ। info