የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
14 : 10

ثُمَّ جَعَلْنٰكُمْ خَلٰٓىِٕفَ فِی الْاَرْضِ مِنْ بَعْدِهِمْ لِنَنْظُرَ كَیْفَ تَعْمَلُوْنَ ۟

হে মানৱজাতি! তাৰ পিছত আমি তোমালোকক সেই অস্বীকাৰকাৰী সম্প্ৰদায়সমূহৰ উত্তৰাধিকাৰী বনাইছো যিসকলক আমি ধ্বংস কৰিছো। যাতে আমি চাব পাৰো তোমালোকে কেনেকুৱা কৰ্ম কৰা। যদি কল্যাণমূলক কাম কৰা তেন্তে ভাল প্ৰতিফল পাবা, আনহাতে বেয়া কৰ্ম কৰিলে শাস্তিৰ সন্মুখীন হ'বা। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• لطف الله عز وجل بعباده في عدم إجابة دعائهم على أنفسهم وأولادهم بالشر.
বান্দাৰ প্ৰতি আল্লাহৰ এয়া অসীম কৃপা যে, তেওঁ বান্দাৰ সেই বদ্দুআ তৎক্ষণাত কবূল নকৰে যিটো বান্দাই নিজৰ বিৰুদ্ধে তথা নিজৰ সন্তানৰ বিৰুদ্ধে কৰে। info

• بيان حال الإنسان بالدعاء في الضراء والإعراض عند الرخاء والتحذير من الاتصاف بذلك.
মানুহৰ এই স্বভাৱৰ বৰ্ণনা যে, সিহঁতে বিপদ-আপদৰ সময়ত আল্লাহক স্মৰণ কৰে, কিন্তু সুখৰ সময়ত পাহৰি যায়। সেয়ে এনেকুৱা বৈশিষ্ট্যৰ পৰা বিৰত থকা উচিত। info

• هلاك الأمم السابقة كان سببه ارتكابهم المعاصي والظلم.
পূৰ্বৱৰ্তী সম্প্ৰদায়সমূহ ধ্বংস হোৱাৰ অন্যতম কাৰণ আছিল গুনাহত লিপ্ত হোৱা আৰু অন্যায় কৰা। info