የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
12 : 10

وَاِذَا مَسَّ الْاِنْسَانَ الضُّرُّ دَعَانَا لِجَنْۢبِهٖۤ اَوْ قَاعِدًا اَوْ قَآىِٕمًا ۚ— فَلَمَّا كَشَفْنَا عَنْهُ ضُرَّهٗ مَرَّ كَاَنْ لَّمْ یَدْعُنَاۤ اِلٰی ضُرٍّ مَّسَّهٗ ؕ— كَذٰلِكَ زُیِّنَ لِلْمُسْرِفِیْنَ مَا كَانُوْا یَعْمَلُوْنَ ۟

যেতিয়া এনেকুৱা কোনো ব্যক্তি যিয়ে নিজৰ ওপৰত অন্যায় কৰিছে, সি যেতিয়া কোনো বিপদ-আপদ অথবা বেমাৰৰ সন্মুখীন হয়, তেতিয়া সি পূৰ্ণ বিনম্ৰতা আৰু বিনয়ৰ সৈতে শুই শুই বা বহি বহি অথবা থিয় অৱস্থাত আমাৰ ওচৰত প্ৰাৰ্থনা কৰে, এই আশাত যে, যি বিপদত সি আক্ৰান্ত হৈছে তাৰ পৰা যাতে ৰক্ষা পায়। এতেকে যেতিয়া আমি তাৰ প্ৰাৰ্থনা স্বীকাৰ কৰি লওঁ আৰু তাৰ বিপদ দূৰ কৰি দিওঁ, তেতিয়া সি আকৌ পূৰণি স্বভাৱত ঘূৰি আহে। এনেকুৱা লাগে সি যেনিবা কেতিয়াও কোনো বিপদৰ সময়ত উদ্ধাৰৰ বাবে আমাক আহ্বান কৰা নাছিল। যিদৰে এই উলঙ্ঘাকাৰীৰ বাবে পথভ্ৰষ্টতাত নিমজ্জিত থকাক সৌন্দৰ্যময় কৰি দিয়া হৈছে, সেইদৰে কুফৰৰ দ্বাৰা সীমালঙ্ঘনকাৰীৰ বাবেও সেই কুফৰ আৰু অৱজ্ঞাক সুশোভিত কৰি দিয়া হৈছে, যিবোৰ সিহঁতে কৰিছিল। এতেকে সিহঁতে ইয়াক কেতিয়াও পৰিত্যাগ নকৰিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• لطف الله عز وجل بعباده في عدم إجابة دعائهم على أنفسهم وأولادهم بالشر.
বান্দাৰ প্ৰতি আল্লাহৰ এয়া অসীম কৃপা যে, তেওঁ বান্দাৰ সেই বদ্দুআ তৎক্ষণাত কবূল নকৰে যিটো বান্দাই নিজৰ বিৰুদ্ধে তথা নিজৰ সন্তানৰ বিৰুদ্ধে কৰে। info

• بيان حال الإنسان بالدعاء في الضراء والإعراض عند الرخاء والتحذير من الاتصاف بذلك.
মানুহৰ এই স্বভাৱৰ বৰ্ণনা যে, সিহঁতে বিপদ-আপদৰ সময়ত আল্লাহক স্মৰণ কৰে, কিন্তু সুখৰ সময়ত পাহৰি যায়। সেয়ে এনেকুৱা বৈশিষ্ট্যৰ পৰা বিৰত থকা উচিত। info

• هلاك الأمم السابقة كان سببه ارتكابهم المعاصي والظلم.
পূৰ্বৱৰ্তী সম্প্ৰদায়সমূহ ধ্বংস হোৱাৰ অন্যতম কাৰণ আছিল গুনাহত লিপ্ত হোৱা আৰু অন্যায় কৰা। info