Қуръони Карим маъноларининг таржимаси - Асомийча таржима - Рафиқулислом Ҳабибурраҳмон

Бет рақами:close

external-link copy
11 : 71

یُّرْسِلِ السَّمَآءَ عَلَیْكُمْ مِّدْرَارًا ۟ۙ

তেওঁ তোমালোকৰ বাবে প্ৰচুৰ পৰিমাণে বৰষুণ অৱতীৰ্ণ কৰিব, info
التفاسير:

external-link copy
12 : 71

وَّیُمْدِدْكُمْ بِاَمْوَالٍ وَّبَنِیْنَ وَیَجْعَلْ لَّكُمْ جَنّٰتٍ وَّیَجْعَلْ لَّكُمْ اَنْهٰرًا ۟ؕ

‘আৰু তেওঁ তোমালোকক ধন-সম্পদ আৰু সন্তান-সন্ততি প্ৰদান কৰি সহায় কৰিব আৰু তোমালোকৰ বাবে উদ্যান স্থাপন কৰিব আৰু নদ-নদী প্ৰবাহিত কৰিব। info
التفاسير:

external-link copy
13 : 71

مَا لَكُمْ لَا تَرْجُوْنَ لِلّٰهِ وَقَارًا ۟ۚ

তোমালোকৰ কি হ'ল, তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব উপলব্ধি নকৰা কিয়? info
التفاسير:

external-link copy
14 : 71

وَقَدْ خَلَقَكُمْ اَطْوَارًا ۟

‘অথচ তেৱেঁই তোমালোকক সৃষ্টি কৰিছে পৰ্যায়ক্ৰমে। info
التفاسير:

external-link copy
15 : 71

اَلَمْ تَرَوْا كَیْفَ خَلَقَ اللّٰهُ سَبْعَ سَمٰوٰتٍ طِبَاقًا ۟ۙ

তোমালোকে লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ স্তৰে স্তৰে সাতখন আকাশ সৃষ্টি কৰিছে? info
التفاسير:

external-link copy
16 : 71

وَّجَعَلَ الْقَمَرَ فِیْهِنَّ نُوْرًا وَّجَعَلَ الشَّمْسَ سِرَاجًا ۟

আৰু তাত চন্দ্ৰক সৃষ্টি কৰিছে পোহৰ হিচাপে আৰু সূৰ্যক বনাইছে প্ৰদীপ। info
التفاسير:

external-link copy
17 : 71

وَاللّٰهُ اَنْۢبَتَكُمْ مِّنَ الْاَرْضِ نَبَاتًا ۟ۙ

‘আৰু আল্লাহে তোমালোকক মাটিৰ পৰা উদ্ভূত কৰিছে, info
التفاسير:

external-link copy
18 : 71

ثُمَّ یُعِیْدُكُمْ فِیْهَا وَیُخْرِجُكُمْ اِخْرَاجًا ۟

‘তাৰ পিছত তেৱেঁই তোমালোকক তালৈকে ওভতাই নিব আৰু নিশ্চিতভাৱে তোমালোকক পুনৰুত্থিত কৰিব, info
التفاسير:

external-link copy
19 : 71

وَاللّٰهُ جَعَلَ لَكُمُ الْاَرْضَ بِسَاطًا ۟ۙ

‘আৰু আল্লাহে পৃথিৱীখনক তোমালোকৰ বাবে বিস্তৃত কৰিছে, info
التفاسير:

external-link copy
20 : 71

لِّتَسْلُكُوْا مِنْهَا سُبُلًا فِجَاجًا ۟۠

‘যাতে তোমালোকে তাত প্ৰশস্ত পথত চলাচল কৰিব পাৰা’। info
التفاسير:

external-link copy
21 : 71

قَالَ نُوْحٌ رَّبِّ اِنَّهُمْ عَصَوْنِیْ وَاتَّبَعُوْا مَنْ لَّمْ یَزِدْهُ مَالُهٗ وَوَلَدُهٗۤ اِلَّا خَسَارًا ۟ۚ

নুহে কৈছিল, ‘হে মোৰ প্ৰতিপালক! সিহঁতে মোক অমান্য কৰিছে আৰু এনে লোকৰ অনুসৰণ কৰিছে যাৰ ধন-সম্পদ আৰু সন্তান-সন্ততিয়ে কেৱল তাৰ ক্ষতিহে বৃদ্ধি কৰিছে’। info
التفاسير:

external-link copy
22 : 71

وَمَكَرُوْا مَكْرًا كُبَّارًا ۟ۚ

আৰু সিহঁতে ভয়াৱহ ষড়যন্ত্ৰ কৰিছে; info
التفاسير:

external-link copy
23 : 71

وَقَالُوْا لَا تَذَرُنَّ اٰلِهَتَكُمْ وَلَا تَذَرُنَّ وَدًّا وَّلَا سُوَاعًا ۙ۬— وَّلَا یَغُوْثَ وَیَعُوْقَ وَنَسْرًا ۟ۚ

আৰু সিহঁতে কয়, ‘তোমালোকে কেতিয়াও তোমালোকৰ উপাস্যবোৰক বৰ্জন নকৰিবা; লগতে পৰিত্যাগ নকৰিবা অদ্দ, ছুৱাআ, ইয়াগুছ, ইয়াউক্ব আৰু নাছৰক’। info
التفاسير:

external-link copy
24 : 71

وَقَدْ اَضَلُّوْا كَثِیْرًا ۚ۬— وَلَا تَزِدِ الظّٰلِمِیْنَ اِلَّا ضَلٰلًا ۟

‘নিশ্চয় সিহঁতে বহুলোকক পথভ্ৰষ্ট কৰিছে, আৰু (হে আল্লাহ) তুমি যালিমসকলৰ বাবে ভ্ৰষ্টতাৰ বাহিৰে আন একো বৃদ্ধি নকৰিবা’। info
التفاسير:

external-link copy
25 : 71

مِمَّا خَطِیْٓـٰٔتِهِمْ اُغْرِقُوْا فَاُدْخِلُوْا نَارًا ۙ۬— فَلَمْ یَجِدُوْا لَهُمْ مِّنْ دُوْنِ اللّٰهِ اَنْصَارًا ۟

(ফলত) সিহঁতৰ অপৰাধৰ বাবে সিহঁতক ডুবাই দিয়া হ’ল, তাৰ পিছত সিহঁতক জুইত প্ৰৱেশ কৰোৱা হ’ল, এতেকে সিহঁতে আল্লাহৰ বাহিৰে আন কাকো সহায়কাৰী হিচাপে পোৱা নাছিল। info
التفاسير:

external-link copy
26 : 71

وَقَالَ نُوْحٌ رَّبِّ لَا تَذَرْ عَلَی الْاَرْضِ مِنَ الْكٰفِرِیْنَ دَیَّارًا ۟

নুহে আৰু কৈছিল, ‘হে মোৰ প্ৰতিপালক! পৃথিৱীৰ বুকুত কাফিৰসকলৰ এটা গৃহও অৱশিষ্ট নাৰাখিবা। info
التفاسير:

external-link copy
27 : 71

اِنَّكَ اِنْ تَذَرْهُمْ یُضِلُّوْا عِبَادَكَ وَلَا یَلِدُوْۤا اِلَّا فَاجِرًا كَفَّارًا ۟

‘যদি তুমি সিহঁতক অৱশিষ্ট ৰাখা তেন্তে সিহঁতে তোমাৰ বান্দাসকলক পথভ্ৰষ্ট কৰিব আৰু সিহঁতে কেৱল দুস্কৃতিকাৰী কাফিৰকহে জন্ম দিব। info
التفاسير:

external-link copy
28 : 71

رَبِّ اغْفِرْ لِیْ وَلِوَالِدَیَّ وَلِمَنْ دَخَلَ بَیْتِیَ مُؤْمِنًا وَّلِلْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ ؕ— وَلَا تَزِدِ الظّٰلِمِیْنَ اِلَّا تَبَارًا ۟۠

হে মোৰ প্ৰতিপালক! মোক আৰু মোৰ পিতৃ-মাতৃক, লগতে যিয়ে মুমিন হৈ মোৰ ঘৰত প্ৰৱেশ কৰিছে তাক, আৰু মুমিন পুৰুষ তথা মুমিনা নাৰীসকলক ক্ষমা কৰি দিয়া; আৰু যালিমসকলৰ বাবে ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি নকৰিবা’। info
التفاسير: