Қуръони Карим маъноларининг таржимаси - Асомийча таржима - Рафиқулислом Ҳабибурраҳмон

Бет рақами:close

external-link copy
12 : 7

قَالَ مَا مَنَعَكَ اَلَّا تَسْجُدَ اِذْ اَمَرْتُكَ ؕ— قَالَ اَنَا خَیْرٌ مِّنْهُ ۚ— خَلَقْتَنِیْ مِنْ نَّارٍ وَّخَلَقْتَهٗ مِنْ طِیْنٍ ۟

তেওঁ ক’লে, ‘মই যেতিয়া তোমাক আদেশ দিলোঁ, তেতিয়া কিহে তোমাক বাধা দিলে যে, তুমি ছাজদা নকৰিলা’? সি ক’লে, ‘মই এওঁতকৈ (আদমতকৈ) শ্ৰেষ্ঠ, তুমি মোক জুয়েৰে সৃষ্টি কৰিছা আৰু তাক সৃষ্টি কৰিছা বোকা মাটিৰে’। info
التفاسير:

external-link copy
13 : 7

قَالَ فَاهْبِطْ مِنْهَا فَمَا یَكُوْنُ لَكَ اَنْ تَتَكَبَّرَ فِیْهَا فَاخْرُجْ اِنَّكَ مِنَ الصّٰغِرِیْنَ ۟

তেওঁ ক’লে, ‘তেন্তে তুমি ইয়াৰ পৰা নামি যোৱা, ইয়াত থাকি তুমি অহংকাৰ কৰিবা এইটো কেতিয়াও হ’ব নোৱাৰে। এতেকে তুমি ওলাই যোৱা, নিশ্চয় তুমি লাঞ্ছিতবোৰৰ অন্তৰ্ভুক্ত’। info
التفاسير:

external-link copy
14 : 7

قَالَ اَنْظِرْنِیْۤ اِلٰی یَوْمِ یُبْعَثُوْنَ ۟

সি ক’লে, ‘মোক তুমি সেই দিৱসলৈকে অৱকাশ দিয়া, যিদিনা সিহঁত পুনৰুত্থিত হ’ব’। info
التفاسير:

external-link copy
15 : 7

قَالَ اِنَّكَ مِنَ الْمُنْظَرِیْنَ ۟

তেওঁ ক’লে, ‘নিশ্চয় তুমি অৱকাশ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত’। info
التفاسير:

external-link copy
16 : 7

قَالَ فَبِمَاۤ اَغْوَیْتَنِیْ لَاَقْعُدَنَّ لَهُمْ صِرَاطَكَ الْمُسْتَقِیْمَ ۟ۙ

সি ক’লে, ‘তুমি মোক যি কাৰণে পথভ্ৰষ্ট কৰিছা, মই সিহঁতৰ বাবে তোমাৰ সৰল পথত খাপ পাতি বহি থাকিম’। info
التفاسير:

external-link copy
17 : 7

ثُمَّ لَاٰتِیَنَّهُمْ مِّنْ بَیْنِ اَیْدِیْهِمْ وَمِنْ خَلْفِهِمْ وَعَنْ اَیْمَانِهِمْ وَعَنْ شَمَآىِٕلِهِمْ ؕ— وَلَا تَجِدُ اَكْثَرَهُمْ شٰكِرِیْنَ ۟

‘তাৰ পিছত নিশ্চয় মই সিহঁতৰ ওচৰলৈ আহিম সিহঁতৰ সন্মুখৰ পৰা আৰু সিহঁতৰ পিছফালৰ পৰা, সিহঁতৰ সোঁফালৰ পৰা আৰু সিহঁতৰ বাওঁফালৰ পৰা, আৰু তুমি সিহঁতৰ অধিকাংশকেই কৃতজ্ঞৰূপে নাপাবা’। info
التفاسير:

external-link copy
18 : 7

قَالَ اخْرُجْ مِنْهَا مَذْءُوْمًا مَّدْحُوْرًا ؕ— لَمَنْ تَبِعَكَ مِنْهُمْ لَاَمْلَـَٔنَّ جَهَنَّمَ مِنْكُمْ اَجْمَعِیْنَ ۟

তেওঁ ক’লে, ‘ইয়াৰ পৰা লাঞ্ছিত অপমানিত হৈ ওলাই যা, মানুহৰ মাজত যিয়ে তোৰ অনুসৰণ কৰিব, নিশ্চয় মই তহঁত আটায়েৰে জাহান্নাম পূৰণ কৰিম’। info
التفاسير:

external-link copy
19 : 7

وَیٰۤاٰدَمُ اسْكُنْ اَنْتَ وَزَوْجُكَ الْجَنَّةَ فَكُلَا مِنْ حَیْثُ شِئْتُمَا وَلَا تَقْرَبَا هٰذِهِ الشَّجَرَةَ فَتَكُوْنَا مِنَ الظّٰلِمِیْنَ ۟

আৰু হে আদম! ‘তুমি আৰু তোমাৰ স্ত্ৰীয়ে জান্নাতত বসবাস কৰা, আৰু যি ঠাইৰ পৰা ইচ্ছা আহাৰ কৰা কিন্তু এই গছজোপাৰ ওচৰলৈকে নাযাবা, অন্যথা তোমালোক উভয়ে যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা’। info
التفاسير:

external-link copy
20 : 7

فَوَسْوَسَ لَهُمَا الشَّیْطٰنُ لِیُبْدِیَ لَهُمَا مَا وٗرِیَ عَنْهُمَا مِنْ سَوْاٰتِهِمَا وَقَالَ مَا نَهٰىكُمَا رَبُّكُمَا عَنْ هٰذِهِ الشَّجَرَةِ اِلَّاۤ اَنْ تَكُوْنَا مَلَكَیْنِ اَوْ تَكُوْنَا مِنَ الْخٰلِدِیْنَ ۟

তাৰ পিছত তেওঁলোকৰ লজ্জাস্থান, যিটোক তেওঁলোকৰ ওচৰত গোপন ৰখা হৈছিল সেইটোক তেওঁলোকৰ ওচৰত প্ৰকাশ কৰাৰ বাবে চয়তানে তেওঁলোকক কুমন্ত্ৰণা দিলে আৰু ক’লে, ‘তোমালোকৰ প্ৰতিপালকে তোমালোকক এই গছজোপাৰ পৰা এইকাৰণেই নিষেধ কৰিছে যে, (এই গছজোপাৰ ফল খালে) তোমালোক উভয়ে ফিৰিস্তা হৈ যাবা অথবা তোমালোক স্থায়ীসকলৰ অন্তৰ্ভুক্ত হৈ যাবা’। info
التفاسير:

external-link copy
21 : 7

وَقَاسَمَهُمَاۤ اِنِّیْ لَكُمَا لَمِنَ النّٰصِحِیْنَ ۟ۙ

আৰু তেওঁলোক উভয়ৰে ওচৰত সি শপত খাই ক’লে, ‘নিশ্চয় মই তোমালোকৰ শুভাকাংক্ষীসকলৰ এজন’। info
التفاسير:

external-link copy
22 : 7

فَدَلّٰىهُمَا بِغُرُوْرٍ ۚ— فَلَمَّا ذَاقَا الشَّجَرَةَ بَدَتْ لَهُمَا سَوْاٰتُهُمَا وَطَفِقَا یَخْصِفٰنِ عَلَیْهِمَا مِنْ وَّرَقِ الْجَنَّةِ ؕ— وَنَادٰىهُمَا رَبُّهُمَاۤ اَلَمْ اَنْهَكُمَا عَنْ تِلْكُمَا الشَّجَرَةِ وَاَقُلْ لَّكُمَاۤ اِنَّ الشَّیْطٰنَ لَكُمَا عَدُوٌّ مُّبِیْنٌ ۟

ফলত সি তেওঁলোকক প্ৰবঞ্চনাৰ দ্বাৰা পদস্খলিত কৰিলে। ইয়াৰ পিছত যেতিয়া তেওঁলোকে সেই গছজোপাৰ ফল খালে, তেতিয়া তেওঁলোকৰ লজ্জাস্থান তেওঁলোকৰ ওচৰত দৃশ্যমান হৈ পৰিল, আৰু তেওঁলোকে জান্নাতৰ পাতেৰে নিজকে আবৃত কৰিবলৈ ধৰিলে। তেতিয়া তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক মাতি ক’লে, ‘মই তোমালোকক এই গছজোপাৰ পৰা নিষেধ কৰা নাছিলোঁনে? আৰু মই তোমালোকক কোৱা নাছিলোঁনে যে, নিশ্চয় চয়তান হৈছে তোমালোক দুয়োৰে প্ৰকাশ্য শত্ৰু? info
التفاسير: