Қуръони Карим маъноларининг таржимаси - Қуръон Каримнинг асомийча мухтасар таржимаси

আল-ইনফিতাৰ

Суранинг мақсадларидан..:
تحذير الإنسان من الاغترار ونسيان يوم القيامة.
প্ৰৱঞ্চনাৰ পৰা মানুহক সতৰ্ক কৰা হৈছে, লগতে কিয়ামতক পাহৰি যোৱাৰ পৰা সতৰ্ক কৰা হৈছে। info

external-link copy
1 : 82

اِذَا السَّمَآءُ انْفَطَرَتْ ۟ۙ

যেতিয়া আকাশখন ফাঁটি যাব, যাতে তাৰ পৰা ফিৰিস্তাসকল নামি আহে। info
التفاسير:

external-link copy
2 : 82

وَاِذَا الْكَوَاكِبُ انْتَثَرَتْ ۟ۙ

আৰু যেতিয়া নক্ষত্ৰবোৰ বিক্ষিপ্তভাৱে খহি পৰিব। info
التفاسير:

external-link copy
3 : 82

وَاِذَا الْبِحَارُ فُجِّرَتْ ۟ۙ

আৰু যেতিয়া সাগৰসমূহক এটাক আন এটাৰ বাবে খুলি দিয়া হব। আৰু সেইবোৰ পৰস্পৰে মিলিত হব। info
التفاسير:

external-link copy
4 : 82

وَاِذَا الْقُبُوْرُ بُعْثِرَتْ ۟ۙ

আৰু যেতিয়া কবৰবোৰৰ মাটি ওলোটাই দিয়া হব, তাৰ ভিতৰত থকা মৃত ব্যক্তিক পুনৰ্জীৱিত কৰাৰ বাবে। info
التفاسير:

external-link copy
5 : 82

عَلِمَتْ نَفْسٌ مَّا قَدَّمَتْ وَاَخَّرَتْ ۟ؕ

তেতিয়া প্ৰত্যেক ব্যক্তিয়ে জানিব পাৰিব যে, তেওঁ কোনটো কাম কৰিছে আৰু কোনটো পিছফালে এৰি আহিছে অৰ্থাৎ কৰা নাই। info
التفاسير:

external-link copy
6 : 82

یٰۤاَیُّهَا الْاِنْسَانُ مَا غَرَّكَ بِرَبِّكَ الْكَرِیْمِ ۟ۙ

হে নিজ প্ৰতিপালকক অস্বীকাৰকাৰী সকল! কিহে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ আদেশৰ অমান্য কৰিবলৈ উদগনি দিছে। যিহেতু তেওঁ তোমালোকক সুযোগ দিছে আৰু নিজ অনুগ্ৰহৰে শাস্তি প্ৰদানত খৰখেদা কৰা নাই। info
التفاسير:

external-link copy
7 : 82

الَّذِیْ خَلَقَكَ فَسَوّٰىكَ فَعَدَلَكَ ۟ۙ

যিয়ে তোমাক অনস্থিত্বৰ পৰা অস্থিত্বলৈ আনিছে আৰু সঠিক অংগযুক্ত সন্তুলিত শৰীৰ প্ৰদান কৰিছে। info
التفاسير:

external-link copy
8 : 82

فِیْۤ اَیِّ صُوْرَةٍ مَّا شَآءَ رَكَّبَكَ ۟ؕ

আৰু যি ৰূপত তোমাক সৃষ্টি কৰিবলৈ ইচ্ছা কৰিছে সেই ৰূপতে সৃষ্টি কৰিছে। আৰু তোমাৰ প্ৰতি অনুগ্ৰহ কৰিছে যে, তোমাক গাধা, বান্দৰ আৰু কুকুৰ আদিৰ ৰূপত সৃষ্টি কৰা নাই। info
التفاسير:

external-link copy
9 : 82

كَلَّا بَلْ تُكَذِّبُوْنَ بِالدِّیْنِ ۟ۙ

হে প্ৰৱঞ্চিত সকল! ঘটনা তেনেকুৱা নহয় যিদৰে তোমালোকে বুজিছা। সত্যতা হৈছে এই যে, তোমালোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰা আৰু তাৰ বাবে কোনো প্ৰস্তুতি নকৰা। info
التفاسير:

external-link copy
10 : 82

وَاِنَّ عَلَیْكُمْ لَحٰفِظِیْنَ ۟ۙ

তোমালোকৰ প্ৰতি এনেকুৱা ফিৰিস্তা নিযুক্ত আছে যিসকলে তোমালোকৰ আমলসমূহ লিখি থাকে। info
التفاسير:

external-link copy
11 : 82

كِرَامًا كٰتِبِیْنَ ۟ۙ

আল্লাহৰ ওচৰত তেওঁলোক সন্মানিত, তোমালোকৰ আমল লিখি থাকে। info
التفاسير:

external-link copy
12 : 82

یَعْلَمُوْنَ مَا تَفْعَلُوْنَ ۟

তেওঁলোকে তোমালোকৰ প্ৰত্যেক কৰ্মৰ বিষয়ে অৱগত আৰু সেয়া লিখি লয়। info
التفاسير:

external-link copy
13 : 82

اِنَّ الْاَبْرَارَ لَفِیْ نَعِیْمٍ ۟ۙ

নিশ্চয় অধিক অধিক ভাল কৰ্মকাৰী আৰু আনুগত্যকাৰী সকলে ক্বিয়ামতৰ দিনা এনেকুৱা নিয়ামতৰ মাজত থাকিব যিটো হব চিৰস্থায়ী। info
التفاسير:

external-link copy
14 : 82

وَاِنَّ الْفُجَّارَ لَفِیْ جَحِیْمٍ ۟ۙ

আৰু দূৰাচাৰী লোকসকল এনেকুৱা জুইৰ মাজত থাকিব যিটো হব অত্যন্ত উত্তপ্ত। info
التفاسير:

external-link copy
15 : 82

یَّصْلَوْنَهَا یَوْمَ الدِّیْنِ ۟

সিহঁতে প্ৰতিদান দিৱসত তাৰ ভিতৰত প্ৰৱেশ কৰিব আৰু তাৰ উত্তাপৰ সন্মুখীন হব। info
التفاسير:

external-link copy
16 : 82

وَمَا هُمْ عَنْهَا بِغَآىِٕبِیْنَ ۟ؕ

আৰু তেওঁলোকে তাৰ পৰা কেতিয়াওঁ অদৃশ্য হব নোৱাৰে। বৰঞ্চ তাৰ ভিতৰতে থাকিব। info
التفاسير:

external-link copy
17 : 82

وَمَاۤ اَدْرٰىكَ مَا یَوْمُ الدِّیْنِ ۟ۙ

হে ৰাছুল ! আপোনাক কিহে জনাব যে প্ৰতিদান দিৱস কি? info
التفاسير:

external-link copy
18 : 82

ثُمَّ مَاۤ اَدْرٰىكَ مَا یَوْمُ الدِّیْنِ ۟ؕ

আকৌ কৈছো, কিহে তোমাক জনাব প্ৰতিদান দিৱস কি? info
التفاسير:

external-link copy
19 : 82

یَوْمَ لَا تَمْلِكُ نَفْسٌ لِّنَفْسٍ شَیْـًٔا ؕ— وَالْاَمْرُ یَوْمَىِٕذٍ لِّلّٰهِ ۟۠

সিদিনাখন কোনেও কাৰো উপকাৰ কৰিব নোৱাৰিব আৰু সেই দিনা সকলো ক্ষমতা কেৱল আল্লাহৰ হাতত থাকিব। তেওঁ যি ইচ্ছা কৰিব সেইটোৱে কৰিব। আন কাৰো হাতত এনেকুৱা কোনো ক্ষমতা নাথাকিব। info
التفاسير:
Ушбу саҳифадаги оят фойдаларидан:
• التحذير من الغرور المانع من اتباع الحق.
সত্যৰ অনুসৰণত হেঙাৰ দিয়া অভিমানৰ পৰা সতৰ্ক কৰা হৈছে। info

• الجشع من الأخلاق الذميمة في التجار ولا يسلم منه إلا من يخاف الله.
লালসা হৈছে ব্যৱসায়ী সকলৰ এক অৱগুণ। আৰু ইয়াৰ পৰা তেৱেঁই সুৰক্ষিত থাকিব পাৰে যিয়ে আল্লাহক ভয় কৰে। info

• تذكر هول القيامة من أعظم الروادع عن المعصية.
ক্বিয়ামতৰ ভয়াৱহ অৱস্থা স্মৰণ কৰা হৈছে পাপ কামৰ পৰা বিৰত থকাৰ এক প্ৰমুখ কাৰণ। info